পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বিজ্ঞানৰ বিচিত্ৰ বতৰা
 


আছে ৩৫,০০০ টা শব্দ আৰু সিহঁতৰ মুঠ ৪,৫০,০০০ টা প্ৰতিশব্দ। এই যন্ত্ৰবিধৰ ওজন প্ৰায় ৫০০ গ্ৰাম। ইয়াৰ দীঘ ৭ ইঞ্চি, প্ৰস্থ ৫ ইঞ্চি আৰু বেধ ডেৰ ইঞ্চি। ইয়াত থকা স্ক্ৰিণত একেলগে চাৰি শাৰীৰ লেখা (প্ৰতি শাৰীৰ আখৰৰ সংখ্যা ৪০) জিলিকি উঠে।

■ ব্লাড ছুগাৰ, অৰ্থাৎ, তেজত চেনি কিমান আছে তাক জুখিবলৈ গ'লে শৰীৰত বেজীৰ চিৰিঞ্জৰে ফুটা কৰি তেজ উলিয়াই তাৰ ওপৰত প্ৰয়োজনীয় পৰীক্ষা কৰা হয়। তেজত চেনিৰ মাত্ৰা অতি বাঢ়ি যোৱা মানেই এক ধৰণৰ অসুখ, যাৰ নাম ডায়াবেটিছ বা বহুমূত্ৰ। আমেৰিকাৰ ‘বায়’কন্ট্ৰল টেকন'লজি’ নামৰ এটি সংস্থাই ডায়াবেটিছ ৰোগীসকলৰ বাবে এনে এবিধ যন্ত্ৰ নিৰ্মাণ কৰি উলিয়াইছে, যাৰ সহায়ত শৰীৰৰ পৰা তেজ উলিয়াইও তেজত চেনিৰ মাত্ৰা জুখিব পৰা যায়। সহজে বহনযোগ্য এই যন্ত্ৰটিৰ নাম ‘ডায়াচেন্সৰ ১০০০'। যন্ত্ৰটিৰ পৰা অতি বেঙনীয়া ৰশ্মি নিৰ্গত হৈ ছাল ভেদ কৰি তেজৰ ভিতৰলৈ যায় আৰু সেই ছেকেণ্ডমানৰ ভিতৰতেই চেনিৰ মাত্ৰা নিৰ্ণয় কৰিব পাৰে। সেই মান লগে লগে সংশ্লিষ্ট পৰ্দাত ফুটি উঠে।

■ মাটি নহ'লে যে গছ-গছনি বাচি থাকিব নোৱাৰে সেই কথা আমি সকলোৱে জানো। মাটিয়ে গছক টানকৈ ধৰি ৰাখে। মাটিৰ পৰাই গছে সংগ্ৰহ কৰে নানান পুষ্টি উপাদান। কিন্তু সম্প্ৰতি হাইড্ৰ'পেনিক ব্যৱস্থাত মাটি অবিহনেও গছ জন্মোৱা সম্ভৱ হৈছে। ‘হাইড্ৰো’ শব্দটোৰ অৰ্থ হ’ল ‘পানী’। এই ব্যৱস্থাত পানীৰ লগত গছৰ বাবে প্ৰয়োজনীয় নানান খনিজ পদাৰ্থ মিলাই অনবৰতে গছৰ গুৰিত সৰবৰাহ কৰা হয়। ইয়াৰ বাবে প্ৰয়োজন মাত্ৰ কেই বৰ্গ ফুটমান বাঁহ আৰু যথেষ্ট পোহৰ। মাটিবিহীন এখন কাঁহীত টাবৰ ভিতৰত গছ বহুৱাই তলত সংযুক্ত এটি টেংকৰ পৰা পুষ্টি উপাদান মিহলোৱা পানী দিনে চাৰিবাৰকৈ সৰবৰাহ কৰিলেই গছ-গছনি নিয়মিতভাৱে সুন্দৰকৈ বৃদ্ধি পায়। স্বয়ংক্ৰিয়ভাৱে এই সৰবৰাহ ব্যৱস্থা চলিলে গছৰ আৰু সুকীয়া লালন-পালনৰ প্ৰয়োজন নাই। ভৱিষ্যতৰ মহাকাশ ক’লনিত এই ব্যৱস্থাৰেই বিজ্ঞানীসকলে শস্য উৎপাদনৰ পৰিকল্পনা কৰিছে।

৪২