পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

সানমিহলি

■ পোহৰৰ গতিবৈগ যে অতি বেছি, সেই কথা আমি সকলোৱে জানো। অনাতাঁৰ তৰংগৰ গতিবেগো কম নহয়। মানুহৰ চকুৰ পতাই পিৰিকতি মাৰোতে-নৌমাৰোতেই অনাতাঁৰ তৰংগই সমগ্ৰ পৃথিৱীৰ চৌপাশে এপাক মাৰি আহিব পাৰে।

■ পৃথিৱীৰ আটাইবোৰ সাগৰৰ পানীত থকা নিমখৰ মুঠ পৰিমাণ হ’ল ৫ নিযুত কোটি টন (অর্থাৎ, ৫ৰ পিঠিত ১৫টাশূন্য বহুৱালেযিমান হ’ব সিমান)। যদি এই নিমখ সাগৰৰ পৰা সম্পূর্ণভাৱে পৃথক কৰি আনি পৃথিৱীৰ উপৰি ভাগত সমানভাৱে মেলি দিয়া হয়, তেন্তে পৃথিৱীৰ সকলো নগৰ প্ৰায় ১৫.২ মিটাৰ ডাঠ নিমখৰ তৰপ এটাৰ তলত পোত যাব।

■ শুনিলে আচৰিত যেন লাগিলেও এই কথা সঁচা যে বৰফ পৰিৱেষ্টিত অঞ্চলত বসবাস কৰা এস্কিমোসকলেও ৰিফ্রিজাৰ্টেৰ ব্যৱহাৰ কৰে। খোৱা বস্তু যাতে গোট মাৰি বৰফ হৈ নাযায়, তাৰ বাবে ফ্রিজৰ সহায়ত সেইবোৰ ঠিক কৰি ৰাখিবলৈকে আধুনিক এস্কিমোসকলৰ মাজত ফ্রিজৰ ব্যৱহাৰ বহুল।

■ ৰান্ধনি ঘৰত ব্যৱহাৰ কৰা গেছৰ অগ্নিশিখাৰ তাপমাত্রা প্রায় ২০০০ ডিগ্রী চেণ্টিগ্রেড।

■ বজ্ৰপাত পৰোতে বিজুলিৰ চমকনিৰ পৰা যি উত্তাপ উৎপন্ন হয়, তাৰ পৰিমাণ প্রায় ৩০ হাজাৰ ডিগ্ৰী চেণ্টিগ্রেড। একেদৰে মাত্ৰ এটা চমকনিয়ে প্রায় ৪০০০ মিলিয়ন কিলোৱাট বিদ্যুৎ শক্তি উৎপন্ন কৰিব পাৰে।

■ পৃথিৱীৰ প্ৰায় সকলো নদী-উপনদীতে মাছ আছে যদিও পেলেষ্টাইনৰ জৰ্ডান নদীখনত মাছ নাই । নদীখনত অত্যধিক পৰিমাণৰ খাৰ আৰু পটাছ থাকে কাৰণে তাত মাছ থাকিব নোৱাৰে।

■ হাঁহ, কুকুৰা বা অন্যান্য চৰাইৰ সদ্যজাত পোৱালি একোটা কণীটোৰ চোকাৰাখন ভাঙি কেনেকৈ বাহিৰলৈ ওলাই আহে, সি এক ডাঙৰ প্ৰশ্ন। প্রকৃততে চোকোৰাৰ ভিতৰত থকা পোৱালিটোৰ মূৰত জোঙা দাঁতৰ দৰে এটা সৰু অংগ থাকে। ইয়াকে কণীৰ দাঁত (Egg tooth) বুলি কোৱা হয়। এই দাঁতটোৰে চোকোৰাটো ভাঙিয়েই পোৱালিটো নিজে নিজে ওলাই আহে। পাছত অৱশ্যে দাঁতটো আপোনা-আপুনি সৰি পৰে।

৪৩