পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ বিচিত্ৰ বতৰা
 

 ■ আমেৰিকাৰ ‘লাইফ প্ৰডাক্ট ইনকৰপৰটেডে সম্প্ৰতি আত্মৰক্ষাৰ বাবে এবিধ অত্যাধুনিক ইলেক্ট্ৰনিক অস্ত্ৰ নিৰ্মাণ কৰিছে। ইয়াৰ নাম ‘গাৰ্জিয়েন’ (guardian) কোনোবাই আক্ৰমণ কৰিলে এই যন্ত্ৰৰ পৰা নিৰ্গত প্ৰায় ৫০ হেজাৰ ভল্টৰ বিদ্যুৎ শক্তিয়ে মুহূৰ্ততে আক্ৰমণকাৰীক অৱশ কৰি দিয়ে। ইয়াৰ বাবে যন্ত্ৰটিৰ এটি বুটাম টিপিলেই হ'ল। উল্লেখযোগ্য যে ইয়াৰ পৰা প্ৰাণহানিৰ ভয় নাই। তদুপৰি ইয়াৰ বিদ্যুৎ শক্তিৰ মাত্ৰা নিয়ন্ত্ৰণো কৰিব পাৰি।

 ■ ‘লেংগুৱেজ মাষ্টাৰ’ নামৰ এই ইলেক্ট্ৰনিক যন্ত্ৰটি আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষুদ্ৰ বিস্ময় বুলিব পাৰি। এই যন্ত্ৰটি একেধাৰে অভিধান, শব্দকোষ আৰু বানান পৰীক্ষক। ইয়াৰ ভিতৰত আছে ৮০,০০০ শব্দৰ অৰ্থ, শব্দকোষত

৪১