পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিজ্ঞানৰ বিচিত্ৰ বতৰা
 

■ মানুহৰ হাতৰ সকলো আঙুলিৰ নখ সমানে বৃদ্ধি নহয়। আটাইতকৈ দীঘল আঙুলি, অৰ্থাৎ মধ্যমা আঙুলিটোৰ নখ আন আন আঙুলিৰ নখতকৈ বেছিকৈ বৃদ্ধি পায়, বছৰি গড়ে প্ৰায় চাৰি ছেণ্টিমিটাৰ।

■ মানুহৰ শৰীৰৰ আটাইতকৈ কঠিন অংশটি হ’ল দাঁতৰ আস্তৰণ, অৰ্থাৎ এনামেল (enamel)। আমি খোৱা আহাৰৰ পৰা যি শক্তিশালী ৰাসায়নিকৰ সৃষ্টি হয়, তাৰ পৰা এই আস্তৰণে দাঁতক ৰক্ষা কৰে। যিবোৰ প্ৰাণীয়ে দাঁতেৰে ক্ৰমাগতভাৱে আঁচোৰা-কামোৰা কৰি থাকে (যেনেঃ এন্দুৰ), তেনে প্ৰাণীৰ বাহিৰে আন প্ৰাণীৰ দাঁত এবাৰ সম্পূৰ্ণ আকাৰ পোৱাৰ পিছত আৰু নাবাঢ়ে।

■ মানৱ দেহত প্ৰায় ১০ গেলেন (৪৬ লিটাৰ) পানী থাকে।

■ ৪০ কিলোগ্ৰাম ওজনৰ এজন মানুহৰ দেহত প্ৰায় তিনি লিটাৰ তেজ থাকে। এইখিনি তেজত থকা লোহিত কণিকা হ’ল ১৫,০০০,০০০,০০০,০০০।

■ মানৱ দেহৰ আটাইতকৈ সৰু হাড়ডাল আছে কাণৰ ভিতৰত। হাড়ডাল ২'৬ৰ পৰা ৩'৪ মিলিমিটাৰ দীঘল আৰু ইয়াৰ ওজন ২'০ৰ পৰা ৪'৩ মিলিগ্ৰাম।


৩৪