পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আধুনিক বিজ্ঞান
আৰু
প্ৰযুক্তিৰ
বিচিত্ৰ বতৰা

 বিজ্ঞানে মানুহৰ প্ৰগতি আৰু জীৱন ধাৰণৰ মান উন্নত কৰি মানৱ সভ্যতাৰ দ্ৰুত আৰু অভাৱনীয় উন্নতি সাধন কৰিছে। বিজ্ঞানীসকলৰ নেৰানেপেৰা চেষ্টা আৰু একাণপতীয়া সাধনাৰ ফলত ন ন আৱিষ্কাৰ হৈ আছে। বিজ্ঞানৰ কাৰিকৰী দিশটোৱেই হৈছে প্ৰযুক্তিবিদ্যা। চকাৰ আৱিষ্কাৰৰ পৰা আৰম্ভ কৰি আধুনিক ছুপাৰ কম্পিউটাৰলৈকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ইতিহাস নানান চাঞ্চল্যকৰ তথ্যৰে ভৰপূৰ।

 আজিৰ পৰা কেইবা হাজাৰ বছৰৰ আগতেই মানুহে ঘৰ সাজি সমাজ পাতি বসবাস কৰি মানৱ সভ্যতাৰ শুভসূচনা কৰিছিল। লাহে লাহে মানুহৰ কামবোৰ ভাগপাতি লোৱাত মানুহৰ বহুতো আজৰি সময় ওলাল লগে লগে মানুহৰ একাংশই চিন্তা-চৰ্চা আৰু গৱেষণাত মনপুতি লাগিবলৈ ধৰিলে। খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ মাজভাগত ইউৰোপৰ এচাম বিজ্ঞানীৰ চিন্তা-চৰ্চাৰ ফলত বহুতো ন ন

উদ্ভাৱনে সমাজত খলকনি তুলিলে। যন্ত্ৰৰ আৱিষ্কাৰে মানুহৰ যাতায়াত,


৩৫