পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মানৱ শৰীৰৰ বিচিত্ৰ বতৰা
 


■ মানুহৰ শৰীৰত সাধাৰণতে বাৰযোৰ কামিহাড় থাকে যদিও কোনো কোনোৰ শৰীৰত তেৰযোৰো দেখা যায়। ■ যদি কোনো শিশু মাতৃগৰ্ভত বৃদ্ধি পোৱাৰ দৰে জন্মৰ পিছতো সমান হাৰত বৃদ্ধি পায় তেন্তে ১০ বছৰ বয়সত তেওঁৰ উচ্চতা হ’বগৈ ১৬ মিটাৰ। ■ এজন মানুহৰ জীৱনকালত তেওঁ হৃৎপিণ্ডটো প্ৰায় ৩০০ কোটিবাৰ স্পণ্ডিত হয়। ■ মানৱ দেহৰ হৃৎপিণ্ডই যিমান তেজ উৎক্ষেপণ কৰে (প্ৰতি মিনিটত ৫/৬ লিটাৰ) তাৰ শতকৰা কুৰি ভাগ মগজুলৈ আহে। ■ জন্মৰ সময়ত মানৱ-শিশুৰ দেহত ৩৫০ ডাল ভিন ভিন হাড় থাকে। কিন্তু প্ৰাপ্তবয়স্ক মানুহ এজনৰ দেহত থাকে মাথোন ২০৬ ডাল হাড়। বাকীবোৰ নোহোৱা হয়নে? নহয়, লগ লাগি যোৱাৰ ফলতহে সংখ্যা কমি যায়৷ ■মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা ১০০ৰ পৰা ১৫০ কোটিৰ ভিতৰত। এই কোষবোৰ এটাৰ পিছত এটাকৈ লগ লগালে ইহঁতৰ দূৰত্ব হ’ব চন্দ্ৰ আৰু পৃথিৱীৰ দুৰত্বৰ দুগুণ। চন্দ্ৰ আৰু পৃথিৱীৰ গড় দূৰত্ব হ’ল ৩৮২৪০০ কিলোমিটাৰ৷

■ বৰফ বা আইচক্ৰীম খালে যদি গৰম লাগে আৰু গৰম গাখীৰ বা চাহ খালে যদি ঠাণ্ডা লাগে, তেন্তে ই আচৰিত নহয়নে? কিন্তু চিগুৱে টেৰা (Ciguatera) নামৰ এবিধ ৰোগ হ'লে মানুহৰ এনে অনুভূতিয়েই হয়।


৩৩