পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বিজ্ঞানৰ বিচিত্ৰ বতৰা
 

■ প্ৰতিদিনেই মানুহৰ মূৰৰ পৰা প্ৰায় ৫০-৬০ ডাল চুলি সৰে।
■ মানুহৰ মূৰৰ একোডাল চুলিৰ আয়ুস দুবছৰৰ পৰা ছবছৰ। একেদৰে চকুৰ পতাৰ নোম একোডালৰ আয়ুস দহ সপ্তাহ।
■ আমাৰ সমগ্ৰ দেহত যিমান হাড় আছে তাৰ চাৰি ভাগৰ এভাগ আছে কেৱল ভৰিত।
■ এজন মানুহৰ মগজুটো এটা পূৰ্ণবয়স্ক হাতীতকৈ পাঁচ গুণ সৰু।
■ এটা শিশুৰ মূৰৰ জোখ তাৰ মুঠ শৰীৰৰ দৈৰ্ঘ্যৰ চাৰিভাগৰ এভাগ। আনহাতে, এজন প্ৰাপ্তবয়স্ক মানুহৰ মূৰৰ জোখ মুঠ শৰীৰৰ দৈৰ্ঘ্যৰ আঠ ভাগৰ এভাগ।
■ সমগ্ৰ পৃথিৱীতে প্ৰায় ৭৫০ নিযুত মানুহে খাদ্যৰ অভাৱত ভোগে। এই সংখ্যা ইউৰোপৰ মুঠ জনসংখ্যাৰ দুগুণ।

■ মানুহৰ কাণে ১৫০০তকৈও অধিক সুকীয়া সুকীয়া সাংগীতিক ধ্বনি গ্ৰহণ কৰিব পাৰে।

৩২