পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মানৱ শৰীৰৰ বিচিত্ৰ বতৰা
 

■ মানৱ দেহৰ পাচনতন্ত্ৰত থকা হাইড্ৰ'ক্ল'ৰিক এচিডৰ ক্ষমতা ইমান বেছি যে ই পাতল লোহাৰ পাত্ৰ এটাও ফুটা কৰি দিব পাৰে।
■ পূৰ্ণিমাৰ জোনাকে মনলৈ যিমানেই আনন্দ নানক কিয়, সেই সময়ত নিৰ্জন ঠাইলৈ অকলশৰে নোযোৱাই শ্ৰেয়। এক সমীক্ষাৰ পৰা দেখা গৈছে যে জোনাক নিশা মানুহৰ অপৰাধ প্ৰৱণতা বাঢ়ি যায়।
■ সমগ্ৰ জীৱনত এজন মানুহে প্ৰায় দুই লাখ গিলাচ পানী খায়।
■ এজন মানুহৰ কলিজাটোৱে তেজ শোধন কৰোতে এদিনত যিমান শক্তি ব্যয় কৰে, তাৰে ৬৮ কিলোগ্ৰাম এজনৰ মানুহ এজনক নিউয়ৰ্কৰ এম্পায়াৰ ষ্টেট বিল্ডিঙৰ ওপৰলৈ তুলিব পৰা যাব। এই অট্টালিকাটোৰ উচ্চতা প্ৰায় ৪৪৯ মিটাৰ।
■ পৃথিৱীত বহু কোটি মানুহ আছে যদিও পৃথিৱীৰ কোনো এজন মানুহৰেই আঙুলিৰ ছাপ আন এজনৰ সৈতে একে নহয়। আনকি সদৃশ-যমজ দুটি সন্তানৰো আঙুলিৰ চাপ ইজনৰ লগত সিজনৰ নিমিলে।

■ হাঁহিলে মানৱ শৰীৰৰ প্ৰায় ৬৫০ ডাল পেশীৰ ভিতৰত প্ৰায় ১৫ ডালৰ পৰিশ্ৰম হয় আৰু ভ্ৰূ কোঁচালে পৰিশ্ৰম হয় প্ৰায় ৬০ ডালৰ। সেয়ে ভ্ৰূ কোঁচোৱাতকৈ হাঁহি থকাই ভাল।

৩১