পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বিজ্ঞানৰ বিচিত্ৰ বতৰা
 

■ জীৱিত কালত এজন মানুহে প্ৰায় ৫০ টন আহাৰ গ্ৰহণ কৰে, ৫০ হেজাৰ লিটাৰ পনীয়া আহাৰ খায় আৰু প্ৰায় ২৫ হেজাৰ কিলোমিটাৰ খোজ কাঢ়ে।
■ মানুহৰ মগজুটো ইমান জটিল যে পৃথিৱীৰ সকলো যন্ত্ৰ-পাতি একেলগে লগ লগাই থলেও সিমানে জটিল নহ'ব।

■ মানৱ শৰীৰৰ সৰ্বত্ৰই তেজ চলাচল হয় যদিও চকুৰ কৰ্ণিয়া (cornea: অক্ষিগোলকৰ স্বচ্ছ আৱৰণ) ইয়াৰ ব্যতিক্ৰম। শৰীৰৰ বিভিন্ন অংশৰ বাবে প্ৰয়োজন হোৱা অক্সিজেন তেজে পূৰণ কৰে। কৰ্ণিয়াৰ বাবে প্ৰয়োজনীয় অক্সিজেন পোনে পোনে বতাহৰ পৰা আহে।
■ মানৱ দেহত থকা হাড়ৰ শতকৰা ৬০ ডাল হ’ল মণিক (mineral) স্ফটিক আৰু শতকৰা ৪০ ভাগ হ’ল কলাজেন (Collagen) নামৰ এবিধ টান অঁহীয়া প্ৰ'টিন। ক’লাজেন নাথাকিলে হাড় ইমান দুৰ্বল হ’ব যে তাক হাতৰ আঙুলিৰে পিটিকি গুড়ি কৰিব পৰা যাব। আনহাতে যদি মণিক স্ফটিকবোৰ দুৰ্বল এচিডত দ্ৰৱীভূত কৰি আঁতৰোৱা হয়, তেনেহ'লে অৱশিষ্ট ক'লাজেনখিনি ৰবৰৰ দৰেই হেঁচি বেঁকা কৰিব পৰা যাব।
■ আমেৰিকাৰ এছ'চিয়েছন ফ’ৰ কেন্সাৰ ৰিছাৰ্চৰ এক প্ৰতিবেদনৰ মতে চাহ খালে শৰীৰত কেন্সাৰৰ, বিশেষকৈ ছাল আৰু হাওঁফাওঁৰ কেন্সাৰৰ সম্ভাৱনা কমি যায়।
■ কোনো কোনো মানুহে ৩,০০,০০০ সুকীয়া সুকীয়া ৰঙৰ পাৰ্থক্য ধৰিব পাৰে৷

■ মানৱ দেহৰ সকলোবোৰ তেজৰ শিৰা যদি ইডালৰ পিছত সিডালকৈ জোৰা লগোৱা হয়, তেতিয়া ইয়াৰ দৈৰ্ঘ্য হ'ব ১,৬০,০০০ কিলোমিটাৰ। অৰ্থাৎ ই ইমান দীঘল হ'ব যে বিষুৱ ৰেখাৰ চাৰিওফালে চাৰি পাক দিব পৰা যাব।

৩০