পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

মানৱ শৰীৰৰ
বিচিত্ৰ বতৰা

 মানৱ শৰীৰটো বিভিন্ন অঙ্গ-প্ৰত্যঙ্গ, ২০৬ ডাল হাড়, ৩২ টা দাঁত, কেবাশ পেশী, বহু কিলোমিটাৰ দীঘল স্নায়ু আৰু কোটি কোটি কোষ ইত্যাদিৰে গঠিত। এই অংগ-প্ৰত্যঙ্গ প্ৰতিটোৱে বিভিন্ন ধৰণৰ কাম কৰে। এই অঙ্গসমূহে সহযোগিতাৰে ইমান নিখুঁত আৰু স্বয়ংক্ৰিয়ভাৱে কাম কৰে যে ভাবিলে আচৰিত হ'ব লাগে।

 মানৱ শৰীৰটো বহু ক্ষুদ্ৰ ক্ষুদ্ৰ কোষেৰে গঠিত। এজন পূৰ্ণবয়স্ক মানুহৰ শৰীৰত প্ৰায় ৫০০০ কোটি কোষ থাকে। আনহাতে, মানৱ জঁকাটোত ২০৬ ডাল হাড় থাকে। এই হাড়বোৰে মানৱ জঁকাটোৰ আকাৰ দিয়ে আৰু বাহিৰৰ পৰা হ’বপৰা সম্ভাৱ্য ক্ষতিৰ পৰা শৰীৰটোক ৰক্ষা কৰে। উদাহৰণস্বৰূপে লাওখোলাটোৱে মগজুক আৰু কামিহাড়ে হৃৎপিণ্ডটোক সুৰক্ষা দিয়ে। এই জঁকাটো চলাচল কৰিবলৈ দেহত থকা পেশীবোৰে সহায় কৰে। এজন মানুহৰ দেহত প্ৰায় ৬৫০ বিধ বিভিন্ন ধৰণৰ পেশী পোৱা যায়।

 মানৱ দেহত থকা হাওঁফাওঁৱে তেজত মিহলি হৈ থকা অক্সিজেন গেছ শোধন কৰে আৰু কাৰ্বনডাই অক্সাইড গেছ বাহিৰলৈ উলিয়াই পঠিয়ায়।

 মানৱ দেহৰ পৰিপাক যন্ত্ৰটি হ’ল পাকস্থলী। ইয়াতে পৰিপাক ক্ৰিয়াৰ মুখ্য ঘটনাবোৰ ঘটে। খাদ্যবস্তু মুখৰ পিছফালে থকা খাদ্যনলীয়েদি আহি পাকস্থলী পায়হি। পাকস্থলীৰ ভিতৰৰ আৱৰণৰ পৰা প্ৰচুৰ পৰিমাণে পাচক ৰস নিঃসৰণ হয় আৰু এই পাচক ৰসে খাদ্যবস্তু হজম হোৱাত সহায় কৰে। এই পাচক ৰসৰ ভিতৰত হাইড্ৰ'ক্লৰিক এচিড, পেপচিন আৰু ৰেনিনেই প্ৰধান। পাকস্থলীৰ সংকোচন-প্ৰসাৰণৰ দ্বাৰা খাদ্যবস্তু, হজম হয়।

 মানৱ দেহৰ আন এটি প্ৰধান অংগ হ’ল বৃক্ক। ই শৰীৰৰ মেৰুদণ্ডৰ শেষৰ ফাললৈ মেৰুদণ্ডৰ দুয়োপাশে থকা বক্ৰাকাৰ দুটা গ্ৰন্থী। এইটোৱেই হৈছে মানৱদেহৰ ফিল্টাৰ।


২৫