পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বিজ্ঞানৰ বিচিত্ৰ বতৰা
 

টাতকৈ বেছি বেক্টেৰিয়া কোষ উৎপন্ন কৰে। কেইদিনমানৰ পিছত এনেদৰে উৎপন্ন হোৱা বেক্টেৰিয়াৰ ওজন হ'ব পৃথিৱীৰ ওজনতকৈও বেছি। অৱশ্যে বেক্টেৰিয়াৰ বৃদ্ধি ইমান ক্ষিপ্ৰ গতিৰে নহয়। খাদ্য, থকা ঠাই, প্ৰতিযোগিতা, আভ্যন্তৰিন ৰাসায়নিক দ্ৰব্য আদি নানা কাৰকে বেক্টেৰিয়াৰ বংশ বৃদ্ধি নিয়ন্ত্ৰণ কৰে।

■ বৰ্তমানলৈকে সন্ধান পোৱা প্ৰাণীসমূহৰ ভিতৰত ডাইন'ছৰাছকেই আটাইতকৈ ডাঙৰ প্ৰাণী বুলি ঠাৱৰ কৰা হৈছে। ইয়াৰে ছুপাৰ্ছ'ৰাছ (Supersaurus) নামৰ ডাইনছ’ৰছবিধৰ এটাৰ ওজন দহটা হাতীতকৈও বেছি।

■ কুম্ভীৰৰ পাচনতন্ত্ৰত থকা হাইড্ৰ'ক্লৰিক এচিডবিধৰ ক্ষমতা ইমান বেছি যে ই লোহা বা ইস্পাতৰ সামগ্ৰীও সহজে গলাই পেলাব পাৰে।

■ মৰুভূমিত পোৱা অষ্ট্ৰিছ নামৰ চৰাইবিধে আহাৰ হজম কৰিবৰ বাবে কেতিয়াবা কেতিয়াবা বালিও খায়।

■ উদ্ভিদে মাটিৰ পৰা যিমান পানী শুহি লয়, তাৰ শতকৰা প্ৰায় দুভাগহে উদ্ভিদৰ কামত ব্যৱহাৰ হয়, বাকী ৯৮ ভাগ বায়ুমণ্ডললৈ গুচি যায়।

■ পোক-পৰুৱা আদি আকাৰত সৰু যদিও ইহঁত অতি শক্তিশালী। এটা পৰুৱাই তাৰ দেহৰ ওজনতকৈ প্ৰায় ৫০ গুণ বেছি ওজনৰ বস্তু কঢ়িয়াই নিব পাৰে। মৌ-মাখি এটাই তাৰ দেহৰ ওজনৰ ৩০০ গুণ বেছি গধুৰ বস্তু কঢ়িয়াব পাৰে। গুবৰুৱাই তাৰ দেহৰ ওজনৰ ৮০০ গুণ বেছি ভৰ সহিব পাৰে। এইবোৰৰ তুলনাত ৭০ কিলোগ্ৰাম ওজনৰ মানুহ এজনে প্ৰায় ৬০ টন ওজন দাঙিব পাৰিব লাগিছিল!

■ পৃথিৱীৰ ভিতৰত আটাইতকৈ খৰকৈ বৃদ্ধি পোৱা গছবিধ হ’ল ইউকেলিপ্টাছ। এইবিধ গছ প্ৰতি বছৰে ১০ মিটাৰকৈ বৃদ্ধি পায়।

■ পৃথিৱীৰ আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদবিধ হ’ল বাঁহ। ই ৩০ মিটাৰলৈকে ওখ হ’ব পাৰে।

■ উটে একে উশাহতে প্ৰায় ৬০ লিটাৰ পানী খাব পাৰে।

■ চৰাই নহয়, অথচ দুৰ্দান্ত উৰিব পাৰে, তেনে এবিধ প্ৰাণী হ’ল বাদুলি, ই এবিধ স্তন্যপায়ী জীৱহে।

■ পলুৰ শৰীৰত প্ৰায় ২০০০ বিধ মাংসপেশী থাকে। মানুহৰ মাত্ৰ ৭০০ বিধ মাংসপেশীহে আছে।

■ ওজন হিচাপে এটা চৰাই মানুহতকৈ ৭২ গুণ শক্তিশালী।

২৪