পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বিজ্ঞানৰ বিচিত্ৰ বতৰা
 

ই আমাৰ শৰীৰৰ জুলীয়া পদাৰ্থৰ লাগতিয়ালখিনি পৃথক কৰি চেকি পেলায় আৰু অলাগতিয়ালখিনি বাহিৰলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰে।

 মগজুৱে মানৱ শৰীৰৰ সকলো কাৰ্য আউল নলগাকৈ পৰিচালনা কৰে। ই আমাৰ চিন্তা-ভাৱনা, সুখ-দুখ, ভাৱ-অনুভূতি আৰু স্মৃতিশক্তিৰ কেন্দ্ৰ। আমাৰ শৰীৰৰ স্নায়ুসমূহে অনবৰতে মগজুলৈ শৰীৰৰ বিভিন্ন অংশৰ বিভিন্ন ধৰণৰ বা বাতৰি কঢ়িয়াই আনে আৰু মগজুৱে এই স্নায়ুসমূহৰ জৰিয়তেই সেই অংশসমূহে কেতিয়া কি কৰিব লাগে তাৰ পৰামৰ্শ দি পঠিয়ায়।

 মানৱ দেহৰ জ্ঞানেন্দ্ৰিয়সমূহৰ জৰিয়তে মগজুৱে শৰীৰৰ বাহ্যিক খবৰবোৰ সংগ্ৰহ কৰে। মানুহৰ মূল পাঁচবিধ জ্ঞানেন্দ্ৰিয় হ’লঃ দৰ্শনেন্দ্ৰিয় (চকু), শ্ৰৱনেন্দ্ৰিয় (কাণ), ঘ্ৰানেন্দ্ৰিয় (নাক), স্বাদেন্দ্ৰিয় (জিভা) আৰু স্পৰ্শনেন্দ্ৰিয় (ছাল)।

 চকু আমাৰ আটাইতকৈ প্ৰিয় আৰু প্ৰয়োজনীয় অংগ। চকুৰ সোঁমাজত থকা ক'লা অংশক চকুৰ মণি বুলি কোৱা হয়। ইয়াৰ ওপৰৰ স্বচ্ছ আৱৰণটোক কৰ্ণিয়া বোলে। ইয়াৰ মাজেদি পোহৰ সোমাই, মণিৰ পিছফালে থকা লেন্সত পৰে। ই বাহিৰৰ পৰা অহা পোহৰ ৰশ্মি চকুৰ ৰেটিনাত পেলায়। ৰেটিনাই এই খবৰ মগজুক দিয়ে আৰু মগজুৱে তাক চিনাক্ত কৰে।

 শ্ৰৱনেন্দ্ৰিয় কাণৰ দুটা অংশ থাকে, বাহিৰৰ অংশ আৰু ভিতৰৰ অংশ। যিকোনো শব্দ কাণৰ ভিতৰলৈ আহি কাণৰ পৰ্দাত কম্পনৰ সৃষ্টি কৰে। এই কম্পন কৰ্ণমূলত থকা তিনিডাল সৰু হাড়ৰ মাজেৰে আহি কুণ্ডলী পকোৱা নলীকাৰ মাজেৰে পৰাহৈ যায়। এই স্পন্দন কাণৰ স্নায়ুৱে মগজুলৈ কঢ়িয়াই নিয়ে। মগজুৱে শব্দ চিনাক্ত আৰু কিমান দূৰৰ পৰা আহিছে, তাক নিৰ্ণয় কৰে।

 নাকৰ শেষত থকা মগজুৱে যিকোনো গোন্ধ মগজুলৈ কঢ়িয়াই নিয়ে আৰু তাক চিনাক্ত কৰে। জিভাত থকা বিভিন্ন ধৰণৰ কোষে বস্তুৰ স্বাদ গ্ৰহণ কৰি মগজুলৈ খবৰ পঠিয়ায়।

 মানৱ শৰীৰৰ স্পৰ্শনেন্দ্ৰিয় ছাল অসংখ্য স্নায়ুৱে আৱৰা। এই স্নায়ুসমূহে বিভিন্ন বা বাতৰি, গৰম, ঠাণ্ডা ইত্যাদি অনুভৱ মগজুলৈ পঠিয়ায়। ছালত থকা ৰসগ্ৰন্থীবোৰে শৰীৰৰ ঘাম আৰু অনাৱশ্যকীয় তেল বাহিৰলৈ উলিয়াই পঠিয়ায়। মানৱ শৰীৰৰ এটি প্ৰধান অংগ হ’ল হৃৎপিণ্ড। ই শৰীৰৰ তেজ পৰিশোধন কৰে। শোধিত তেজ ধমনীয়ে দেহৰ বিভিন্ন অংগ-প্ৰতংগলৈ কঢ়িয়াই নিয়ে; আনহাতে, শিৰাই তেজ পৰিশোধনৰ বাবে হৃৎপিণ্ডলৈ তেজ কঢ়িয়াই আনে। হৃৎপিণ্ডটো চাৰিটা ভাগত বিভক্ত। ওপৰৰ দুটা ভাগক অলিন্দ আৰু তলৰ দুটা ভাগক নিলয় বোলে। ই স্বয়ংক্ৰিয়ভাৱে কাৰ্য সম্পাদন কৰে। মানুহৰ হৃৎপিণ্ড প্ৰতি মিনিটত ৭০ৰ পৰা ৯০ বাৰলৈকে স্পন্দিত হয়।

 মানৱ শৰীৰটো বহু বিচিত্ৰ বতৰাৰো আকৰ। তেনে কেতবোৰ বতৰা এই অধ্যায়ত আগবঢ়োৱা হৈছে।

২৬