পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

■ দেখাত একে যেন লাগিলেও এটা জেব্ৰা আন এটাৰ লগত একে নহয়। ইহঁতৰ শৰীৰত থকা মনোমোহা দীঘল আঁক-বাকবোৰৰ পৰা জেব্ৰাৰ পাৰ্থক্য উলিয়াব পাৰি।

■ কাংগাৰুবোৰ সাধাৰণতে আঢ়ৈ মিটাৰ পৰ্যন্ত দীঘল হয়। কিন্তু জন্মৰ সময়ত ইয়াৰ ওজন হয় মাত্ৰ এক গ্ৰাম। অৰ্থাৎ, মাকৰ ওজনৰ প্ৰায় ৩০,০০০ ভাগৰ এভাগ। জন্মৰ সময়ত একোটা কাংগাৰু পোৱালীৰ দীঘ আঢ়ৈ ছেণ্টিমিটাৰৰো কম হয়। এখন চাহখোৱা চামুচত দুটা কাংগাৰু পোৱালীক একেলগে শুৱাই ৰাখিব পাৰি।

■ বিজ্ঞানীসকলৰ মতে ঘৰুৱা মাখিয়েই (Musca domestica) পৃথিৱীৰ আটাইতকৈ বিপদজনক প্ৰাণী। মাখিয়ে টাইফয়েড, যক্ষ্মা, গ্ৰহণীকে ধৰি বহুতো মহামাৰী ৰোগৰ বীজাণু কঢ়িয়াই নিয়ে। একোটা মাখিৰ দেহত প্ৰায় এশ নিযুত বীজাণু থাকে; ইয়াৰ অন্ধ্ৰভাগেই অকলে ৩৩ নিযুত বীজাণুক আশ্ৰয় দিব পাৰে।

■ উত্তৰ আমেৰিকাৰ এবিধ জিলিয়ে মাটিৰ তলত ১৭ বছৰ ধৰি শুই থাকে। নিদ্ৰাৰ পৰা সাৰ পোৱাৰ পিছত অৱশ্যে ই মাথোন কেই সপ্তাহমানহে জীয়াই থাকে। মাটিৰ তলত থকা দীঘলীয়া সময়খিনিয়ে ইয়াৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি আয়ুসৰ পতঙ্গৰ মৰ্যাদা দিয়ে।

■ বেক্টেৰিয়া এবিধ অতি সূক্ষ্ম জীৱ; ইয়াক উকা চকুৰে মণিব নোৱাৰি। কিন্তু ইহঁতৰ বংশবৃদ্ধি আমাৰ কল্পনাই ঢুকি নোপোৱা বিধৰ। প্ৰায় প্ৰতি কুৰি মিনিটত বেক্টেৰিয়াৰ এটা কোষ বিভক্ত হৈ দুটা হয়। সাধাৰণভাৱে গণনা কৰিলে দেখা যায় যে এটা বেক্টেৰিয়াই ২৪ ঘণ্টাত ৪০০০,০০০,০০০,০০০,০০০,০০০,০০০

২৩