পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
জীৱ জগতৰ বিচিত্ৰ বতৰা
 

■ পাৰ চৰাইৰ বাহিৰে আন কোনো চৰায়েই ঠোঁটটো পানীত ডুবাই পানী খাই থাকিব নোৱাৰে। চৰায়ে সাধাৰণতে ঠোঁটৰ ভিতৰত পানী লৈ পাছত মুখখন ওপৰলৈ কৰিহে পানীখিনি গিলি থয়। কিন্তু পাৰ হ'ল ইয়াৰ ব্যতিক্ৰম। ইহঁতে ঠোঁটটো পানীত ডুবাই থৈয়েই পানী খাই থাকিব পাৰে।

■ মকৰাৰ জালৰ সূতা একোডাল ইমান মিহি যে কেতিয়াবা আমাৰ চকুতেই নপৰে। মকৰাৰ জালৰ সূতা এডালেৰে যদি গোটেই পৃথিৱীখনৰ চাৰিওপিনে এপাক মেৰাই দিয়া হয়, সেই সূতাখিনিৰ ওজন ছয় আউন্স (এক আউন্স ২৮.৩৫ গ্ৰাম) মানহে হ'ব। ২৭,৬০০ টামান মকৰাৰ জাল ল্গ লগালেহে এক পাউণ্ডমান (এক পাউণ্ড = ০.৪৫৩৬ কিলোগ্ৰাম) ওজন হ'ব৷

■ উৰন্ত মাছ (Flying Fish) নামেৰে জনাজাত মাছবিধে আচলতে অকণো উৰিব নোৱাৰে। এই মাছৰ গাত থকা পাখিবিলাক চৰাইৰ দৰে ডাঙৰ। এই মাছে পানীৰ পৰা শূন্যলৈ একোটা জাপ মাৰে আৰু লগে লগে খৰ গতিত ২৫-৩০ গজ্‌ মান শূন্যতে উপঙি যায়। লগে লগে আকৌ ই পানীলৈ জাপ মাৰে। শূন্যত ওপঙি থকা সময়ত ই প্ৰায় ঘণ্টাত ৫০ কিলোমিটাৰ বেগত গতি

■ মাখিয়ে পিছফালেও উৰিব পাৰে।

■ মানুহৰ দৰে জিৰাফৰো ডিঙিত মাত্ৰ সাতডালহে হাড় আছে।

১৯