পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিজ্ঞানৰ বিচিত্ৰ বতৰা
 


■ কুমেৰুৰ হিম চেঁচা পানীত মানুহ কেই ছেকেণ্ডমানৰ কাৰণে থাকিলেই মৃত্যুমুখত পৰিব। অথচ তেনে পানীতে পেঙ্গুইন নামৰ চৰাইজাতে ৭০০ ফুটমান তলত ২০ মিনিটমান সময় থাকিব পাৰে।

■ ঘঁৰিয়াল আৰু কুম্ভীৰ একে নহয়। ইংৰাজীত কুম্ভীৰক Crocodile আৰু ঘঁৰিয়ালক Ghavial বা Gharial বোলা হয়। ঘঁৰিয়ালৰ মুখখন দীঘল, ঠোঁটৰ দৰে। ই সাধাৰণতে মাছ খাই জীয়াই থাকে।


১৮