পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বিজ্ঞানৰ বিচিত্ৰ বতৰা
 

■ পৃথিৱীৰ আটাইতকৈ দ্ৰুতবেগী চৰাই হ’ল ছুইফট্। ই ঘণ্টাত প্ৰায় আঢ়ৈশ কিলোমিটাৰ বেগেৰে উৰিব পাৰে। এই চৰাইবিধে একেৰাহে তিনি বছৰলৈকে আকাশতে থাকিব পাৰে। এই সময়ছোৱাৰ ভিতৰত খোৱা-বোৱা, জিৰণি লোৱা, আদি সকলো ই আকাশতেই কৰে।

■ সাধাৰণতে মানুহ আৰু আন আন প্ৰাণীৰ শৰীৰত এটাহে হৃৎপিণ্ড থাকে। কিন্তু কাটল ফিছ (Cuttle fish) নামৰ সাগৰীয়া মাছ এবিধৰ তিনিটা হৃৎপিণ্ড আছে। ইয়াৰ দুটা হৃৎপিণ্ড থাকে ফুলৰ (gills) তলভাগত আৰু আনটো হৃৎপিণ্ড মাছটোৰ দেহৰ মাজভাগত থাকে।

■ জাপানৰ পৰকুপাইন নামৰ মাছবিধ ইমানেই বিষাক্ত যে জাপানত মানুহে আত্মহত্যা কৰিবলৈহে ইয়াক খায়।

■ আফ্ৰিকাৰ উগাণ্ডাৰ ছফুট দীঘল এজাতি এন্দুৰে তাৰ পিঠিত ৭৫ কিলোগ্ৰাম ওজনৰ এজন মানুহক অনায়াসে কঢ়িয়াব পাৰে।

■ শামুকে নিজৰ শৰীৰৰ ওজনতকৈ প্ৰায় ২৫-৩০ গুণ অধিক ওজনৰ বস্তু দাঙিব পাৰে। শামুকে কেতিয়াও সিহঁতৰ থকা ঠাই ভুল নকৰে আৰু নেহেৰুৱায়৷ শামুকৰ গাৰ তলৰ চেপেটা মঙহখিনি দেখাত কোমল যেন লাগিলেও যথেষ্ট টান। কেইখনমান চোকা ডাঢ়ি খুৰোৱা ব্লেড থিয়কৈ ৰাখি তাৰ ওপৰত শামুক এটা থলে সি অনায়াসে ব্লেডকেইখন পাৰ হৈ যাব।

■ নিউজিলেণ্ডৰ গৰুৱে টুটু নামৰ এবিধ বিষাক্ত গছৰ পাত খাই মৰে, কিন্তু ছাগলীবিলাকে সেই গছ খায়েই ডাঙৰ হয়।

২০