পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জীৱ জগতৰ বিচিত্ৰ বতৰা
 


■ ভাৰতৰ নিকোবৰ দ্বীপপুঞ্জত ঘাইকৈ পোৱা থেগাপদ নামৰ চৰাইবিধে কণী পাৰিবৰ বাবে প্ৰয়োজন হোৱা নিৰ্দিষ্ট উষ্ণতা আৰু স্থান সঠিকভাৱে নিৰ্ধাৰণ কৰিব পাৰে৷ এনে বিৰল বৈশিষ্ট্যৰ বাবে এইবিধ চৰাই ‘থামমিটাৰ বাৰ্ড' নামেৰে বিশেষভাৱে জনাজাত।

■ এটা মৌ মাখিয়ে আধা কিলোগ্ৰাম মৌ ৰস গোটাবলৈ প্ৰায় দুই নিযুত পাহ ফুলৰ পৰা মৌ আনিব লাগে। একোটা কৰ্মী মৌ মাখিয়ে তাৰ জীৱন কালত মৌ সংগ্ৰহ কৰিবৰ কাৰণেই ৩,০০,০০০ মাইলমান ভ্ৰমণ কৰিব লগা হয়।

■ এহাল মাখিয়ে ছমাহত ১৯১,০১০,০০০,০০০,০০০,০০০ টা পোৱালিৰ জন্ম দিব পাৰে।

■ সাগৰৰ গভীৰ অঞ্চলত বৰশীধাৰী মাছ ( angler fish) নামৰ এবিধ মাছ পোৱা যায়। ইয়াৰ আগফালে পিঠিত থকা এডাল দীঘল পাখিৰ মূৰত এটা টোপোলা থাকে। সৰু সৰু মাছবোৰে সেইটো টোপ বুলি ভাবি কাষলৈ আহিলে বৰশীধাৰী মাছে তাক খাই পেলায়। এইবিধ মাছৰ মতাবোৰ মাইকীবোৰৰ তুলনাত বৰ সৰু। মতাবোৰ প্ৰায় ৬ ছেণ্টিমিটাৰ দীঘল আৰু মাইকীবোৰ দীঘলে ৯০ ছেণ্টিমিটাৰ হয়। এইবিধ মাছ সাগৰৰ প্ৰায় ৯০০ মিটাৰ গভীৰতাত বাস কৰে। মতাবোৰ মাইকীবোৰৰ গাত ওলমি থাকে আৰু মাইকীবোৰৰ দেহৰ পৰা খাদ্য গ্ৰহণ কৰে। তেনে অৱস্থাত থাকোতেই মাইকীবোৰে কণী পাৰিব পৰা হয়।


১৫