পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিজ্ঞানৰ বিচিত্ৰ বতৰা
 

নাম পৃথিৱীৰ সকলো ঠাইতে একে। বিভিন্ন উদ্ভিদৰ বংশবৃদ্ধিৰ প্ৰক্ৰিয়াসমূহ বিভিন্ন আৰু বিচিত্ৰ।

 প্ৰাণীসমূহৰ দৰে উদ্ভিদসমূহো পৃথিৱীৰ ক্ৰমবিৱৰ্তনৰ ফলত সলনি হৈ আহিছে। আজিৰ পৰা বহু হেজাৰ বছৰ আগতে ডাইন'ছৰাছৰ সময়ত আজিৰ দৰে কোনো ধৰণৰ ঘাঁহজাতীয় উদ্ভিদ নাছিল।

 তলত এতিয়ালৈকে নামকৰণ কৰা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিসমূহৰ বিভিন্ন গোটৰ বিষয়ে উল্লেখ কৰা হৈছে:

অণুজীৱ
● বেক্টেৰিয়া ৩,০৬০ প্ৰজাতি
● নীল-সেউজ শেলুৱৈ ২,০০০ প্ৰজাতি
● ভেঁকুৰ ৪৭,০০০ প্ৰজাতি
উদ্ভিদ
● শেলুৱৈ ২৭,০০০ প্ৰজাতি
● মছবৰ্গ ১৭,০০০ প্ৰজাতি
● ঢেকীয়াবৰ্গ ১৩,০০০ প্ৰজাতি
● নগ্নবীজী ৭৫০ প্ৰজাতি
● গুপ্তবীজী ২,৩৫,০০০ প্ৰজাতি
প্ৰাণী
● আদ্যপ্ৰাণী ৪০,০০০ প্ৰজাতি
● পতংগ ৭,৫০,০০০ প্ৰজাতি
● ক্ৰাষ্টেছিয়া ৩৮,০০০ প্ৰজাতি
● নাইভেৰিয়া ৯,০০০ প্ৰজাতি
● শামুকবৰ্গ বা মলাস্কা ৫০,০০০ প্ৰজাতি
● মৎস্য ২০,০০০ প্ৰজাতি
● উভচৰ ৪,১৮৪ প্ৰজাতি
● সৰীসৃপ ৬,৩০০ প্ৰজাতি
● পক্ষী ৯,০৪০ প্ৰজাতি
● স্তন্যপায়ী ৪,৫০০ প্ৰজাতি

 বিজ্ঞানীসকলে এই জীৱজগতৰ বিষয়ে ন ন তথ্য উদঘাটন কৰিয়েই আছে। তথাপি এই জীৱজগতৰ বিষয়ে জানিবলগীয়া বহুতো কথা এতিয়াও উদ্ঘাটন কৰিবলৈ বাকী। বিশাল, বৰ্ণাঢ্য আৰু বিচিত্ৰ জীৱজগতখনৰেই কিছু বিচিত্ৰ বতৰা এই অধ্যায়ত সন্নিবিষ্ট কৰা হৈছে। বাতৰিবোৰ আচৰিত যেন লাগিলেও ইয়াৰ প্ৰতিটোৱেই সঁচা আৰু এইবোৰে যুগে যুগে মানুহক ন ন তথ্য আৰু সত্যৰ সন্ধান দি আহিছে।


১৪