পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিজ্ঞানৰ বিচিত্ৰ বতৰা
 

■পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম হামিংবাৰ্ড। কিউবাত পোৱা এই চৰাইবিধ দীঘলে ঠোঁটৰ পৰা নেজলৈকে ৫ ছেণ্টিমিটাৰমানহে হ’ব। ৭৫ টামান এনে চৰাই একেলগে ওজন কৰিলেহে ১০০ গ্ৰাম মান হয়। এইবিধ চৰায়ে পিছফালেও উৰিব পাৰে। তদুপৰি হামিং বাৰ্ডে সকলো চৰাইৰ ভিতৰত আটাইতকৈ ঘনাই পাখি মাৰে, – প্ৰতি ছেকেণ্ডত প্ৰায় ৯০ বাৰ।

■ মানুহৰ বাহিৰে আন কোনো প্ৰাণীয়েই চিৎ হৈ শুব নোৱাৰে।

■ জিৰাফৰ জিভাখন ৪৫ ছেণ্টিমিটাৰ দীঘল। ইয়াৰে সি তাৰ কাণখন চাফা কৰে।

■ এজনী মাইকী মোৱা পোকৰ পৰা এবছৰত ১৫,৬০,০০০,০০০,০০০,০০০,০০০,০০০,০০০ টা পোৱালী হ'ব পাৰে।

■ আফ্ৰিকাৰ নাহৰফুটুকী বাঘবিলাকে সিহঁতে মৰা গৰুৰ জঁকাটো গছৰ ফেৰেঙণিত স্মৃতি হিচাপে থৈ যায়।

■ ষ্টেগ হৰ্ণ (Stag-horn) নামৰ এবিধ গুবৰুৱাই নিজৰ দেহৰ ওজনৰ ৯০ গুণ গধুৰ বস্তু এটা নিজৰ দেহতকৈ ৩০ গুণ দীঘল বাটেদি ২৫ মিনিট সময় টানি নিব পাৰে।

■ মাখিৰ ঠেং প্ৰায় এক মিলিমিটাৰ দীঘল। এই ঠেঙেৰে মাখিয়ে ২০ ছেণ্টিমিটাৰ ওখলৈ আৰু ৩২ ছেণ্টিমিটাৰ দূৰলৈ জাপ মাৰিব পাৰে। মানুহৰ এই ক্ষমতা থকাহেঁতেন ১৩৭ মিটাৰ ওখ আৰু ২১২ মিটাৰ দীঘল জাপ মাৰিব পাৰিলেহেঁতেন।


১৬