পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিজ্ঞানৰ বিচিত্ৰ বতৰা
 


পাবলৈ কেইবা শতিকাও লাগে। অৰ্থাৎ, কেইবা শতিকাৰ আগতেই একোটা নক্ষত্ৰৰ পৰা গতি কৰা পোহৰখিনিহে বৰ্তমানৰ মুহূৰ্তত আমি দেখা পাওঁ।
■ পৃথিৱীত প্ৰায় ৫০০ টা জাগ্ৰত আগ্নেয়গিৰি আছে। ইয়াৰে শতকৰা ২০ ভাগ আছে পানীৰ তলত।
■ পৃথিৱীৰ ওজন ৮১ টা চন্দ্ৰৰ ওজনৰ সমান।
■ শুক্ৰ গ্ৰহৰ দিনবোৰ তাৰ ‘বছৰ'তকৈ ডাঙৰ। ই নিজ কক্ষপথত আৱৰ্তন কৰোঁতে সময় লয় ২৪৩ দিন আৰু সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰিবলৈ সময় লয় ২২৫ দিন।
■ চন্দ্ৰৰ পৰিৱেশ একেবাৰে নিমাত-নিতাল। শব্দ পৰিবহণৰ বাবে তাত বায়ু নাই বাবেই এনে হয়।

■ চন্দ্ৰত কোনো ধৰণৰ গছ-গছনি জন্ম হ'ব নোৱাৰে। কিন্তু চন্দ্ৰৰ পৰা অনা মাটিত ৰোৱা উদ্ভিদ পৃথিৱীত বৃদ্ধি পায়।


১২