পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জীৱজগতৰ
বিচিত্ৰ বতৰা

 পৃথিৱীত থকা বিভিন্ন ধৰণৰ প্ৰাণী, উদ্ভিদ, অণুজীৱ আদিৰ সমষ্টিয়েই হৈছে জীৱজগত। পৃথিৱীত প্ৰায় ৫০,০০,০০০ ৰ পৰা ৩০০,০০,০০০ প্ৰজাতিৰ জীৱ আছে বুলি ধাৰণা কৰা হৈছে। ইয়াৰে ১,৮০০,০০০ প্ৰজাতিৰ জীৱ এতিয়ালৈকে চিনাক্ত কৰা হৈছে।

 প্ৰাণীয়ে উশাহত অক্সিজেন গ্ৰহণ কৰে আৰু বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্ৰাণী খাদ্য হিচাপে গ্ৰহণ কৰে। প্ৰায় ৭০০ নিযুত বছৰৰ আগতেই পৃথিৱীত প্ৰাণীৰ সৃষ্টি হয়। এককোষী জীৱবোৰেই হ’ল পৃথিৱীৰ প্ৰথম প্ৰাণী। এই প্ৰাণী জগতখন অতি আচৰিত। ইয়াত অলপ সময়ৰ বাবে জীয়াই থকা এককোষী প্ৰাণীৰ পৰা শ শ বছৰ জীয়াই থকা কাছৰ দৰে প্ৰাণীও পোৱা যায়। এই প্ৰাণীসমূহৰ কিছুমানে হয়তো অটল সমুদ্ৰত বাস কৰে, কিছুমানে মৰুভূমিত, কিছুমানে মাটিত, কিছুমানে গছৰ খোৰোঙত বাস কৰে। ইয়াৰ উপৰি কিছুমান প্ৰাণীয়ে আমাৰ ঘৰবোৰতো বাস কৰে।

 পৃথিৱীৰ প্ৰাণীসমূহক বিজ্ঞানীসকলে সিহঁতৰ বৈশিষ্ট্য অনুযায়ী বিভিন্ন প্ৰজাতিত ভাগ কৰিছে। এই প্ৰজাতিবোৰক আকৌ কিছুমান বৰ্গত ভাগ কৰা হৈছে। প্ৰতিটো প্ৰাণীৰে নিৰ্দিষ্ট এক বৈজ্ঞানিক নাম আছে আৰু এই বৈজ্ঞানিক নাম পৃথিৱীৰ যিকোনো ঠাইতে একে। উদাহৰণস্বৰূপে মানুহৰ বৈজ্ঞানিক নাম ‘হম’ছেপিয়েন্স (Homo spiens)। মানুহ হিচাপে মানুহৰ নাম ঠাইভেদে বিভিন্ন (অসম: মানুহ, বংগ : মানুষ, ইংলণ্ড : মেন আদি) হ'লেও মানুহৰ বৈজ্ঞানিক নাম কিন্তু সকলোতে একে।

 প্ৰাণীসমূহৰ বংশ বৃদ্ধিৰ প্ৰক্ৰিয়াও বিভিন্ন আৰু বিচিত্ৰ। চকুৰে মণিব নোৱাৰা অণুজীৱ বেক্টেৰিয়াই প্ৰতি আধাঘণ্টাত ইয়াৰ কোষৰ সংখ্যা বৃদ্ধি কৰে। আনহাতে, বৃহৎ প্ৰাণী তিমি, হাতী আদিয়ে ইয়াৰ বাবে এবছৰ বা ততোধিক সময় লয়।

 বৰ্তমান পৃথিৱীৰ পৰা প্ৰায় ৫,০০০ বিভিন্ন প্ৰজাতিৰ প্ৰাণী নিঃশেষ হৈ গৈছে। আজিৰ পৰা হেজাৰ হেজাৰ বছৰ আগতে পৃথিৱীত দপদপাই ফুৰা প্ৰকাণ্ড ডাইন'ছৰাছ নামৰ প্ৰাণীবিধ আৰু এতিয়া পাবলৈ নাই। এনে উদাহৰণ আৰু আছে।

 বৰ্তমানলৈকে পোৱা উদ্ভিদসমূহৰ ভিতৰত ৩,৩৫,০০০ বিধ চিনাক্ত কৰিব পৰা হৈছে। পৃথিৱীৰ প্ৰায়ভাগ অঞ্চলতেই উদ্ভিদ পোৱা যায়। প্ৰাকৃতিক পৰিৱেশভেদে ঠাই অনুযায়ী উদ্ভিদ বেলেগ বেলেগ হোৱা দেখা যায়।

 উদ্ভিদসমূহকো বিজ্ঞানীসকলে সিঁহতৰ নিৰ্দিষ্ট বৈশিষ্ট্য অনুযায়ী বিভিন্ন প্ৰজাতিত ভাগ কৰিছে। প্ৰত্যেক উদ্ভিদৰে এক নিৰ্দিষ্ট বৈজ্ঞানিক নাম আছে। এই বৈজ্ঞানিক


১৩