পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সৌৰজগত আৰু পৃথিৱীৰ বিচিত্ৰ বতৰা
 


■ সূৰ্যৰ পোহৰ পৃথিৱীত আহি পৰিবলৈ সময় লাগে প্ৰায় আঠ মিনিট।
■ যোৱা শতিকাৰ শেষৰ পিনে উদ্গীৰিত ইণ্ডোনেছিয়াৰ ক্ৰকাতো আগ্নেয়গিৰিৰ বিস্ফোৰণৰ শব্দ প্ৰায় পাঁচ হাজাৰ কিলোমিটাৰ দূৰৈৰ পৰা শুনা গৈছিল।
■ পৃথিৱীৰ দহ শতাংশ মাটি বৰফেৰে আগুৰি আছে।
■ আফ্ৰিকাৰ নীল নদীৰ ভূ-পৃষ্ঠৰ তলেদি 'নদীখনৰ পানীৰ ছগুণ পৰিমাণৰ পানীৰ এক জলধাৰা বৈ আছে।

■ বেলিয়েও হেনো গান গায়! আচলতে কঁপি থকা যিকোনো বস্তুৰ পৰাই শব্দ ওলায়। তাৰে কিছুমান শব্দ শুনা যায়; কিছুমান শুনা নাযায়। সূৰ্যৰ ভিতৰখনত ঘটি থকা কাৰ্যৰ ফলত কঁপনিৰ সৃষ্টি হয়। সেই কঁপনিৰ পৰা হোৱা শব্দ হেনো গানৰ দৰে। পিছে বেলিৰ গান আমি এতিয়ালৈকে শুনিব পৰা নাই।
■ পৃথিৱীৰ মুঠ জলভাগৰ শতকৰা ৯৭ ভাগ হ’ল সাগৰ।
■ বাৰিষা কালত একেৰাহে দুই-চাৰিদিন বৰষুণ দিলেও আমাৰ আমনি লাগে। কিন্তু দুই-চাৰিদিন নহয়, দুমাহ-চাৰিমাহো নহয়, এসময়ত পৃথিৱীত একেৰাহে বৰষুণ দিছিল প্ৰায় ষাঠি হাজাৰ বছৰ। ইমানদিন বৰষুণ দিছিল বাবেই পৃথিৱীত আজিও ইমান পানী। সাগৰবোৰৰো সৃষ্টি হৈছিল সেই বৰষুণৰ ফলতেই। ভাগ্য ভাল, তেতিয়াও পৃথিৱীত মানুহৰ জন্ম হোৱা নাছিল।
■ ৰাতিৰ আকাশত আমি দেখা তৰাবোৰ একোটা নক্ষত্ৰ। সেই নক্ষত্ৰবোৰৰ পৰা অহা পোহৰ ৰশ্মি আমাৰ চকুত পৰে বাবেই আমি সিহঁতক দেখা পাওঁ।

কিন্তু আমোদজনক কথাটো হ'ল যে সেইবোৰ নক্ষত্ৰৰ পোহৰ আহি পৃথিৱী


১১