পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বিজ্ঞানৰ বিচিত্ৰ বতৰা
 

■ সৌৰজগতৰ বৃহত্তম গ্ৰহ বৃহস্পতিৰ উপৰিভাগত বিজ্ঞানীসকলে বহু বছৰৰ আগৰ পৰা এটা ৰঙা দাগ লক্ষ্য কৰি আহিছে। ই এটা কণীৰ আকৃতিৰ ৰঙচুৱা বৰণৰ অঞ্চল; দীঘলে প্ৰায় ৪০,০০০ কিলোমিটাৰ আৰু বহলে প্ৰায় ১১,০০০ কিলোমিটাৰ৷ এই জোখ পৃথিৱীৰ ব্যাসৰ প্ৰায় তিনিগুণ। কিন্তু এই ৰঙা দাগটো আন একো নহয় : বৃহস্পতি পৃষ্ঠত ঘটি থকা এক প্ৰচণ্ড ধুমুহাহে।
■ পৃথিৱীৰ আটাইতকৈ ওখ শৃঙ্গ এভাৰেষ্ট ৮,৮৪৮ মিটাৰ ওখ। কিন্তু ইয়াতকৈও ওখ শৃঙ্গ এটা আছে। হাৱাই দ্বীপৰ মাউনা কিয়া নামৰ পৰ্বতৰ শৃঙ্গটো ১০,২০০ মিটাৰ ওখ। কিন্তু ইয়াৰ প্ৰায় ৬,০০০ মিটাৰ সাগৰৰ তলিতেই আছে। ■ সূৰ্যৰ ওজন পৃথিৱীতকৈ প্ৰায় ৩,২৯,৩৯০ গুণ বেছি। মানুহ এজনৰ গড় ওজন ৭০ কিলোগ্ৰাম বুলি ধৰিলে সূৰ্যৰ ওজন প্ৰায় ১০²৮ জন মানুহৰ মুঠ ওজনৰ সমান। পৃথিৱীৰ প্ৰথম মানুহৰ সৃষ্টি হোৱাৰ পৰা ধৰি এতিয়ালৈকে যিমান মানুহ উপজিছে, সেই আটাইবোৰ মানুহ জীয়াই থকা হ'লেও এই পৰিমাণৰ

মানুহ নহ'লহেঁতেন।