পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সৌৰজগত আৰু পৃথিৱীৰ বিচিত্ৰ বতৰা
 


■ বিজ্ঞানীসকলে কৰা গণনা অনুসৰি পৃথিৱীৰ ভৰ ৬,০০০,০০০,০০০,০০০, ০০০,০০০,০০০,০০০ কিলোগ্ৰাম। বৰ্তমান পৃথিৱীত মানুহৰ সংখ্যা বাঢ়ি গৈ আছে। এইদৰে মানুহৰ সংখ্যা বাঢ়ি গৈ থাকিলে ৩৫৩০ চনত কেৱল মানুহৰ ভৰেই পৃথিৱীৰ ভৰৰ সমান হ’বগৈ।

■পেলেষ্টাইনৰ মৰু সাগৰৰ (Dead Sea) পানী অতি লুণীয়া। ইয়াৰ পানীৰ প্ৰতি লিটাৰত ২৭০ গ্ৰাম লোণ (সাধাৰণতে সাগৰৰ পানীৰ প্ৰতি লিটাৰত ৩.৫ গ্ৰাম লোণ থাকে) থাকে। গোটেই মৰু সাগৰখনত মুঠতে প্ৰায় ৪০ নিযুত টন লোণ আছে। মৰু সাগৰৰ পানীৰ অতিমাত্ৰা লৱণতাৰ বাবে তাত কোনো প্ৰাণী ডুব নাযায়। ইচ্ছা কৰিলে মৰু সাগৰৰ পানীত ওপঙি থাকি কিতাপ পঢ়িবও পাৰি! এই মৰু সাগৰ কিন্তু প্ৰকৃততে সাগৰ নহয়, এটা ডাঙৰ হ্ৰদহে।
■ সূৰ্যই এক মিনিটত যিমান তাপ এৰি দিয়ে, সেয়া ১১,৬০০ নিযুত কয়লা পুৰিলে উৎপন্ন হোৱা তাপৰ সমান। সেইদৰে পৃথিৱীয়ে সূৰ্যৰ পৰা পোৱা শক্তিৰ পৰিমাণ ৫৫০ হাজাৰ নিযুত ভাপকলৰ (প্ৰতিটো ৪০০ অশ্বশক্তি ক্ষমতা থকা) শক্তিৰ সমান।
■ বিশ্বব্ৰহ্মাণ্ডত প্ৰায় এহাজাৰ নিযুত তাৰকাৰাজ্য আছে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। আমাৰ সৌৰজগতখনত থকা হাতীপটি নামৰ তাৰকা ৰাজ্যতেই ১২৫ নিযূত হাজাৰ তৰা আছে! কেৱল হাতীপটিত থকা তৰাবোৰৰ নামেৰেই এখন তালিকা প্ৰতি ছেকেণ্ডত এটাকৈ নাম পঢ়ি যোৱা হয়, তেনেহ'লে এবাৰো

নোৰোৱাকৈ পঢ়ি গ'লেও গোটেইবোৰ নাম পঢ়িবলৈ সময় লাগিব ৪০০০ বছৰ!