পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সৌৰজগত আৰু পৃথিৱীৰ বিচিত্ৰ বতৰা
 


গেছ পোৱা যাব। কাৰ্বনৰ পৰমাণুবোৰ এই দুটা পদাৰ্থত ভিন ভিনভাৱে থাকে বাবেই ইহঁতৰ গুণ বেলেগ বেলেগ।
■ পৃথিৱীৰ মহাসাগৰবোৰত ইমান খনিজ লৱণ আছে যে যদি মহাসাগৰবোৰ শুকাই যায়, তেতিয়া যিখিনি খনিজ লৱণ থাকিব তাৰে বিষুৱ ৰেখাৰ চাৰিওফালে প্ৰায় ডেৰ কিলোমিটাৰ ডাঠ আৰু প্ৰায় ৩০ কিলোমিটাৰ ওখ এখন বেৰ সাজিব পৰা যাব।
■ প্ৰতি বছৰে পৃথিৱীত ২০ৰ পৰা ৩০ টালৈকে আগ্নেয়গিৰি উদ্দ্গীৰণ হয় আৰু ইয়াৰে বেছিভাগ আগ্নেয়গিৰিৰ উদ্গীৰ্ণ হয় সাগৰৰ তলিত।
■ ঋতু পৰিৱৰ্তনৰ লগে লগে দিন আৰু ৰাতি চুটি-দীঘল হয় যদিও বছৰটোৰ দুটা দিনত দিন আৰু ৰাতি সমান হয়। সেই দুটা দিন হ’লঃ ২১ মাৰ্চ আৰু ২৩ ছেপ্টেম্বৰ।
■ পৃথিৱীৰ সকলো ধাতুৰ ভিতৰত গধুৰ হ’ল ইৰিডিয়াম (Iridium)। ই এবিধ ৰূপৰ দৰে বগা ধাতু। এক ঘনফুট ইৰিডিয়ামৰ ওজন প্ৰায় ৬৪১.৪ কিলোগ্ৰাম। এটা ঢেঁকী বা ছি-শ্বৰ এমুৰে যদি এটা ছটন ওজনৰ হাতী উঠাই দিয়া হয়, তেনেহ'লে তাক দাঙি ৰাখিবলৈ আনটো মূৰত এটা দুফুটীয়া বাহুৰ ইৰিডিয়াম ঘনক ৰাখিলেই হ'ব।

■ এটোপাল পানীত থকা পৰমাণুৰ সংখ্যা হ’ল ৬,০০০,০০০,০০০,০০০,০০০, ০০০,০০০ টা। এই সংখ্যাটো চমুকৈ ৬×১০২১ বুলি লিখা হয়। পৰমাণু এটাৰ আকাৰ যদি মাৰ্বল গুটিৰ সমান হ'লহেঁতেন, তেনেহ'লে ইমানবোৰ মাৰ্বলেৰে পৃথিৱীৰ উপৰিভাগ প্ৰায় ২৩ মিটাৰ ডাঠ তৰপ এটাৰে বান্ধি পেলাব পৰা

গ'লহেঁতেন।