পৃষ্ঠা:বাৰাহ-চৰিত্ৰ.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৩ )

দিনেক পৃথিবী, বাৰাহক সেৱা
 কৰিয়া আছন্ত যেবে।
বিষ্ণুৰ মায়াই, আক্ৰমিলা যাই
 বুলিলা স্বামীৰ আগে॥
শুনিয়োক প্ৰভু, আমাৰ গোচৰ
 তোমাত কহিবে লাগে॥
পূৰ্ব্বে গৌৰী আদি, যত নাৰী গণে
 সেবন্ত স্বামীৰ পাৱে।
তাকে তাকে তাৰ কৰন্ত পুৰণ
 জানিবা আক স্বভাৱে॥
ইবাৰ আমিয়ো, তোমাৰ চৰণে
 এখান গোছৰ কৰোঁ।
চলিয়োক তুমি, দিব্য সৰোবৰে
 এহি মানে বাঞ্চা কৰো।
শুনা বসুমতী, তোমাৰ বাঞ্চিত
 কৰিবো মই পূৰণ॥
কিন্তু সন্নিতত, নাই পুণ্যক্ষেত্ৰ
 ঐহেতু সংশয় মন॥
তথাপি তোমাৰ, বাঞ্চনি সাধিবো
 শুনা কহো তাৰ কথা।
আমাৰ নিকটে, আছে গিৰীবৰ
 শৃংগ নামে সুশোভন॥