পৃষ্ঠা:বাৰাহ-চৰিত্ৰ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১২ )

পাচে নাৰায়ণে, লক্ষ্মীক বোলন্ত
 মোহোৰ বচন ধৰা।
তোমা দুই হানো, মহা গুণনাম
 সবে এক ঠাই কৰা॥
দুই মিলি এক, হুয়া পৃথিবীত
 জন্ম ধৰা তুমি যায়।
দেখিবা ইবাৰ, সৰস্বতী দেবী,
 কত বৰ দুঃখ পায়।
স্বামীৰ আদেশ, শুনি মহালক্ষ্মী
 চাৰি হাত চাৰি ভৰি।
দুই হানো আমাক, দুই হানো শৰীৰ
 সবে-এক ঠাই কৰি॥
দুই নাক চাৰি. কৰ্ণ এক কৰি
 দুই অঙ্গে এক ভৈলা।
বাৰাহ পৃথিবী, যি স্থানে আছন্ত
 তৈক লাগি চলি গৈলা।
ছদ্ম ৰূপ হুয়া, বাৰাহৰ অঙ্গে
 গুপ্ত হুয়া বহিলন্ত।
কালক উপেক্ষি, ৰৈলা মহা সতী
 সমস্তে মনে আছন্ত॥
আত অনন্তৰে, যেন কথা ভৈলা
 শুনিয়োক সমাজ সবে।