পৃষ্ঠা:বাৰাহ-চৰিত্ৰ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৪ )

যদি দেখিবাক, ইচ্ছা আছে মনে
 চলিয়োক এতিক্ষণে।
বাৰাহৰ বাণী, বসুমতী শুনি
 পৰম আনন্দ মনে॥
শুনা নৰলোক, মুকুতি মিলোক
 হৰিসে মোক্ষ মুকুতি।
ইহ পৰলোকে, হৰিসে বান্ধৱ
 হৰি বিনে নাহি গতি॥
নমো নাৰায়ণ পশিলো শৰণ
 অভয় পদ কমলে।
তুমি কৃপাসিন্ধু, দুঃখিতৰ বন্ধু
 চপোৱা চৰণ কোলে॥
তযু অঙ্গে জীৱ, ভৈলা সদাশিৱ
 তথাপি নভৈল জ্ঞান।
মোহ সমুদ্ৰত, পৰি তল গৈলো
 নিস্তাৰন্তা নাহি আন॥
আপোন কৰ্ম্মৰ, বিপাকৰ ফলে
 ফুৰি ফুৰি জন্ম ধৰো।
কৰা কৃপানাথ মই অনাথক
 জন্ম মৃত্যু ভয় তৰো॥
এতেকে তোমাৰ, চৰণে শৰণ
 লৈলোহো মই একান্তে।