পৃষ্ঠা:বাৰাহ-চৰিত্ৰ.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১১ )

বাৰে বাৰে তুমি, ভাণ্ডি যোৱা মোক
 দুঃখ দেখাই নানা মত॥
ইবাৰ নেৰিবো, চৰণে ধৰিবো
 সঙ্গে চলি যাওঁ আমি।
নকৰা নৈৰাশ, তুমি জগ বাস
 মোহোৰ দয়ীত স্বামী॥
শুনি নাৰায়ণ, বুলিলা বচন
 হাসি হাসি মুচুকাই।
তুমি গৃহ বাৰী, ৰাখিয়া থাকাহা
 আমাক দিও পঠাই॥
যি জনী চঞ্চল, নাৰী অনুক্ষণ
 পুৰুষৰ ফুৰে পাছে।
গৃহে থাকি তুমি, আমাক সেবিবা
 আন কোন দুঃখ আছে॥
লক্ষ্মী সমে আমি, পৃথিবী মধ্যত
 ফুৰিবো দুঃখত ভ্ৰমি।
নৈৰাশা বচন, শুনি জগন্মাতা
 কান্দিলা স্বামীক নমি॥
প্ৰিয়াৰ বিৰহ, দেখি যোগেশ্বৰ
 বস্ত্ৰে মচিলন্ত মুখ।
যাইবাহা লগত, বোলো স্বৰূপত
 মনে নকৰিবা দুঃখ॥