পৃষ্ঠা:বাৰাহ-চৰিত্ৰ.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১০ )

এতেকে আমাৰ, বচনে সত্ত্বৰ
 উত্তৰা কুৰক বায়ো।
বাৰাহৰ বীৰ্য্যে, পৃথিবীত হন্তে
 জনম তুমি লভিয়ো॥
তোমাক সঙ্গতি, কৰি মহা সতী
 খণ্ডিবোঁ সমস্তে ভাৰ।
ধৰ্ম্মক থাপিবোঁ, সন্তক পালিবো,
 কৰিবো যশ বিস্তাৰ॥
শুনি ভগৱতী, কৰযোৰে আতি
 বুলিলা স্বামীক চাই।
তোমাৰ বচনে, পৰম সাদৰে
 কৰিবো মোৰ যুৱাই॥
এহি বুলি দেবী স্বামী প্ৰণামি
 চলিবাক যেবে চান্ত।
সৰস্বতী দেৱী, স্বামীক প্ৰণামি
 পাৱে পৰি বিনাৱন্ত॥
শুনিয়োক প্ৰভু, আমাৰ গোচৰ
 তোমাৰ লগতে যাওঁ।
ঘূৰি পৃথিবীত, তোমাৰ লগত
 লোকৰ ধৰ্ম্মক চাওঁ॥
যদি মোৰ বুলি, আছে মোক দায়া
 নিবোক মোক লগত।