পৃষ্ঠা:বাৰাহ-চৰিত্ৰ.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৯)

বাৰাহৰ বীৰ্য্যে সৰ্ব্ব গুণে আনন্দিতা।
সৰ্ব্ব গুণে মনোনীতা নাম হৈবে সীতা॥
শুনিয়োক সৰ্ব্ব জন্ম লীলা মনোন্বিত।
জানকীৰ জন্ম ইটো বাৰাহ চৰিত॥
ঈশ্বৰৰ লীলা কথা ত্ৰৈলোক্যতে সাৰ।
কলি যুগে আত পৰে ধৰ্ম্ম নাহি আৰ॥
জানি নিৰন্তৰে নৰে এৰি আন কাম।
দ্বিজ উমাকান্তে কহে বোলা ৰাম ৰাম॥

⸻৹⸻

হেন চিন্তি মনে,  পাছে নাৰায়ণে
 বুলিলা লক্ষ্মীক চায়।
তোমাৰ আগত,  কৰিবো বেকত
 মোৰ যত অতিপ্ৰায়॥
দশৰথ ঘৰে,  হৈবোঁ‌ অৰতাৰ
 বধিবো দুষ্ট ৰাৱণ।
মোৰ লগে তুমি, যাইবাক লাগয়
  সাধিবাক প্ৰয়োজন॥
বাৰে বাৰে সতী, হোৱা অৱতাৰ
 ভাৰ হৰি বাক প্ৰতি।
লগত ইবাৰ, চলিয়োক মোৰ
 সহায় হুইয়া সতী॥