পৃষ্ঠা:বান্‌চা য়ান ককা আৰু এখন দেওলগা হাবি.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাঁচ হাজাৰ বছৰৰ আগৰ কথা।

 তেতিয়া হাবিয়ে বননিয়ে ঘূৰি চিকাৰ কৰি খোৱা, গুহাত, গছৰ খোৰোঙত বাস কৰা কিছুমান আদিম মানুহে একোখন একোখন ঠাইত নিগাজিকৈ থাকিবলৈ লৈছিল। তেওঁলোকে খেতি কৰিবলৈ পথাৰ, পোহনীয়া পশুবোৰ চৰাবলৈ চৰণীয়া পথাৰ আৰু নিজে থাকিবলৈ কিছু ঠাই বৰ কষ্টেৰে হাবি-জংঘল কাটি মুকলি কৰি এলেকা এটা উলিয়াই লৈছিল৷

 নল-খাগৰি, জন্তুৰ ছাল, আলতীয়া মাটিৰে, বাঁহৰ গোঁজ পুতি জুপুৰিবোৰ সাজি লৈছিল। পোনতে বৰ ডাঙৰকৈ এটা ঘৰকে সাজি গোটেইবোৰ থাকিবলৈ লৈছিল যদিও পিছলৈ একোটা একোটা পৰিয়ালে নিজাববীয়াকৈ সৰু-বৰ জুপুৰি কিছুমান সাজি ল’বলৈ শিকিলে৷ অৱশ্যে গোটেই মানুহবোৰ একেটা ঠাইতে থুপ খাই আছিল।

 এৰেহা খাবলৈ কুকুৰ কিছুমান আহিছিল। নিজে নিজে থাকিবলৈ লৈ পিছত সিহঁত পোহনীয়া হৈ পৰিছিল। গিৰিহঁতক সকলো সময়তে বিপদত সহায় কৰা বাবে গিৰিহঁতৰ পৰা সিহঁতে আদৰ-যত্ন পোৱা হ'লগৈ। খাবলৈ চিকাৰ কৰি অনা ভেৰা ছাগলী, গৰু, ম’হ, গাহৰি আদি পিছত খাবলৈ জমা কৰি থওঁতে থওঁতে সেইবোৰো পিছলৈ পোহনীয়া হৈ পৰিল৷ মাইকী গৰু, ম’হ, ছাগলীবোৰে পোৱালি দিয়া আৰু গাখীৰ দিয়া দেখি সেইবোৰ খাবলৈ এৰি ভালকৈ যতন ল’বলৈ ধৰিলে৷ পোহনীয়া পশুবোৰক সুৰক্ষা দিবলৈ গছৰ ডাল, বাঁহৰ গোঁজ পুতি ঘেৰ সাজি ৰখা হ’ল।