সমললৈ যাওক

পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২8 ]


নেৰেহে নেৰে। এই দৰে প্ৰায় এঘটা কাল উপায়ান্তৰ নেদেখি জিতেন বাবুৱে মোলৈ Slip (শ্লিপ) দি পঠালে বোলে, ‘তেওঁৰ বিপদ, তৎক্ষণাত আহি যাব লাগে।’ মই গৈ দেখোঁ এই কাণ্ড।

 “ডেকাজনক সুধি-পুছি মই সকলো কথা শুনিলোঁ। শুনি কলোঁ, ‘তুমি নিতান্ত মূৰ্খ। এই ভদ্ৰলোক জনক চোৰ ধৰাৰ আগেয়ে তোমাৰ এই বুদ্ধিটো নহল নে যে অমুকে হাতনি-পেৰাৰ পৰা বেগটো উলিয়াই ৰেলৰ টিকট বেলেগাই লওঁতে নোট কেইখনো ওলাই পৰিব পাৰে। আৰু নোটৰ ফালে অমুকৰ চকু নপৰিবও পাৰে।’ শুনি ডেকাজনে তেনেই মুচ-কচ যোৱাৰ নিচিনা হল। আৰু তৎক্ষণাৎ তাৰ পৰা উঠি লৰ দিলে।

 “জিতেন বাৰু আৰু মোৰ মস্ত হাঁহি। আপুনি তাৰ পাছত জিতেন বাবুক লগ নাই পোৱা হব পায়?”

 “নাই পোৱা।”

 “যি হক, টকা হৰুৱাই ভাল ডিটেকটিভি কাণ্ডটো কৰালে।”

(৬)

 এতিয়া বাৰু কোৱা, এই দৰে টকা হৰুৱাই বাহাদুৰি আছে নে নাই।

⸻⸻

১৭।৫।২১