পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৩ ]


 মই আচৰিত হলোঁ, এওঁ জানিলে কেনেকৈ? ইয়াতে কৈ থোৱা ভাল যে পুলিচৰ চাহাব হলেও এওঁ দেশী মানুহ।

 মই সুধিলোঁ, “আপুনি জানিলে কেনেকৈ?”
 “কিয়? আপোনাৰ ডিটেকটিভ নতুন হোম্‌চৰ পৰা।
 “কি হৈছে কওকচোন, কওক”।

 “কি আৰু হব! বেচাৰিয়ে কনানডয়েলৰ গল্পবোৰ পঢ়ি পঢ়ি ভাবিছে যে analysis কৰি (ভাঙি পাতি বুজি) গলে সকলো কথাৰে সকলোএ গম ধৰিব পাৰে! আপোনাত সকলো কথা সুধি পুছি উঠি সেই ডেকাজনে পোনে পোনে জিতেন বাবুৰ বাহাক গল। জিতেন বাবু ভাগ্যক্ৰমে তেওঁৰ অফিচৰ কামৰাত অকলে বহি আছিল। এওঁ গৈয়ে তেওঁক চোৰ ধৰিলে। কলে বলে, ‘জিতেন বাবু’ এই ৰকম ভদ্ৰলোক বদমাইচ পৃথিবীত অনেক আছে; তাৰে আপুনিও এজন। মোৰ হাতত ধৰা পৰিল। ইকাটি সিকাটি নকৰি অমুকৰ হাতনি-পেৰাৰপৰা যে ৰেলত টকা তিনি কুৰি আনিলে এতিয়া দিয়ক।”

 “পাছে পাছে?”

 “পাছে জিতেন বাবু তো কথা শুনি অবাক। আগে ভাবিলে, বলিয়া বুলি। পাছত ডেকাজনে কোনো