সমললৈ যাওক

পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২২ ]


 “আ! ঠিক! ঠিক! মিলিছে। Another professor Mortiary দ্বিতীয় প্ৰফেচাৰ মৰ্তিয়াৰি। ডাঙৰীয়া, আপুনি নিশ্চিত থাকক, মই এঘণ্টাৰ ভিতৰতে টকা লৈ আহিম।”

 এই বুলি কৈ ঘপহ কৰি ডেকা জন ওলাই গল। তেওঁৰ শেষৰ কথাখিনিৰ অৰ্থ গ্ৰহণ কৰিবৰ আমাৰ সময়েই নহল।

(8)

 পাছত হে গম ধৰিব পাৰিলোঁ⸺ও, এওঁ চাৰলক হোমচ্‌ আৰু প্ৰফেচাৰ মৰ্তিয়াৰিৰ কথা কৈছে। এওঁ নিজে প্ৰসিদ্ধ ডিটেকটিভ হোম্‌চৰ চাউল মাৰিবলৈ কাৰবাৰ কৰিছে নে কি? হোমচ্‌ দোখোন কাল্পনিক। চাওঁএচোন বাৰু কি কৰে?

 এঘণ্টাৰ ঠাইত দুই চাৰি দিন গল। কিন্তু হোমচ্‌-যশঃ- স্পৰ্দ্ধী ডেকাৰ হলে খবৰেই নাই।

(৫)

 এদিন বাটত পুলিচৰ চুপাৰিণ্টেণ্ডেণ্ট্‌ জনাই লগ পাই সুধিলে, “হে হেৰি ডাঙৰীয়া, আপোনাৰ বোলে ৰেলত টকা তিনি কুৰি হৰাল।”