পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাখৰ।
 


 (৯) মই পৰোপকাৰ মোৰ ব্ৰত কৰি লম।

 (১০) মই মোৰ আগত ওখ আদৰ্শ ৰাখিম।

তুমি যি কামকে কৰা তাত মন প্ৰাণ সমৰ্পণ কৰি কৰিবা। তাৰ উন্নতিৰ নিমিত্তে দিনে ৰাতিয়ে চিন্তা কৰিবা, তেনেহলে নিশ্চয় তুমি কৃতকাৰ্য্য হবা। মাকে যেনেকৈ লৰা তোলে, তুমি সেইদৰে তোমাৰ ব্যৱসায় তুলিব লাগিব, নতুবা সি বেয়া হব। যেতিয়া যি কৰিব লাগে সেইটো কৰি যাবা, পেলাই নথবা। নিজৰ স্বাৰ্থ নিজে দেখিলেহে সি ৰক্ষা পৰিব; লোকে দেখিলে সি কেতিয়াও তুমি নিজে দেখাৰ নিচিনা নহয়। বনৰীয়া বোন্দাই পহু মাৰি নিদিয়ে বুলি আমাৰ বুঢ়া লোকে কয়। সকলো কামৰ ভিতৰত প্ৰৱেশ কৰিবা। তোমাৰ কামৰ বিষয়ে

২২