পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাখৰ।
 

সকলো তন্নতন্নকৈ জানি লবা। লোকৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ নকৰিবা। প্ৰশ্ন কৰিবা জানিবলৈ আৰু শিকিবলৈ, যাক প্ৰশ্ন কৰা তাক ঠগাবলৈ বা জব্দ কৰিবলৈ নহয়। পিছৰষাৰত কোৱা বাটে প্ৰশ্ন কৰিলে তাৰে তোমাৰ উপকাৰৰ কোনো কথা কাৰোপৰা উলিয়াব নোৱাৰা, বৰং তেওঁ তোমাৰ মতলব বুজি লৈ তোমাৰ উদ্দেশ্য বিফল কৰি দিব; কাৰণ আত্মৰক্ষাৰ অৰ্থে যত্ন কৰা সকলোৰে স্বভাৱ।

 গোটেইটো জীৱনতে এহাশুধীয়া (Sincere) হবা। মুখে এটা পেটে এটা লৈ চলিলেই তোমাৰ সৰ্ব্বনাশ। তেনে স্বভাৱেৰে তুমি একো কাম সিদ্ধি কৰিব নোৱৰা। পোনতে, অৰ্থাৎ তুমি ধৰা নপৰা-

২৩