পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাখৰ।
 

বাটে আগ বাঢ়াঁ, তুমিও সৌন্দৰ্য্য, সুমঙ্গল আৰু সত্যৰ অধিকাৰী হবা, তুমি ঈশ্বৰৰ অংশ জীৱ, ভয় কি? তুমি দিনৌ এইকেইটা মন্ত্ৰ মাতিবা—

 (১) মই অসৎ আৰু অমঙ্গলৰ প্ৰতিৰোধ কৰিম।

 (২) মই মঙ্গলকাৰ্য্য কৰি নিজক মঙ্গলময় কৰি গঢ়িম।

 (৩) মই সকলো তন্ন-তন্নকৈ পৰ্য্যবেক্ষণ কৰিম।

 (৪) মই সকলো কাৰ্য্য ফঁহিয়াই তাৰ ভাল বেয়া উলিয়াম।

 (৫) মই কৰ্ত্তব্য কাৰ্য্য যথাসাধ্য ভালকৈ কৰিম।

 (৬) মই মিতব্যয় কৰিম।

 (৭) মোৰ মনক আনন্দময় কৰি ৰাখিম।

 (৮) মই বন্ধুৰ সমাদৰ কৰি বন্ধুতা বৃদ্ধি কৰিম।

২১