পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাখৰ।
 

পৰমেশ্বৰ আছে, ভয় কি? সংশয় কি? তেওঁৰ আনন্দ ভিক্ষা কৰাঁ, পাবা; পাই তুমিও আনন্দময় হবা। দুখৰ ঢাকোনেৰে, আৰু শোকৰ মিছা ভাবনাৰ আৰ-কাপোৰেৰে আনন্দময়ক নাঢাকিবা, তেওঁ নিভৃত কোণত আনন্দস্বৰূপে বৰ্ত্তমান; মায়াৰ কপট ঢাকোন পেলাই দি তেওঁৰ কাষ চাপাঁ, তোমাৰ মনতো মহানন্দ মিলিব। প্ৰেম বহুমূলীয়া বস্তু। প্ৰেমবিহীনে প্ৰেমময়ক নেপায়। ঈশ্বৰ প্ৰেমময়। পৰোপকাৰ, জীৱৰ প্ৰতি দয়া, কৰুণা, প্ৰেমময়ৰ প্ৰেমোপহাৰ। তাৰ সদ্ব্যবহাৰ কৰাঁ; শঙ্কা নকৰিবা; ভয় নকৰিবা; প্ৰেম বিলোৱাঁ, প্ৰেম লোৱাঁ, তোমাৰ মন-ভঁৰাল প্ৰেম-সমলেৰে পূৰ হব। পৰৰ মঙ্গল চিন্তা কৰাঁ, দেখিবা তোমাৰ মন মঙ্গলেৰে পৰিপূৰ্ণ হব; আৰু মঙ্গলে পৰৰ যে উপকাৰ কৰিবই,

১৭