পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
বাখৰ।
 

তোমাৰো পৰম উপকাৰ অনিবাৰ্য্য৷ তোমাৰ মন যেতিয়া ডাঙৰ হব, আৰু সি সুমধুৰ প্ৰেমৰসেৰে পৰিপূৰ্ণ হব, তেতিয়া চাৰিওফালে অসীম আনন্দ৷ লোকৰ ভাল কৰিবলৈ গলে তোমাৰ ভাল-কৰা শক্তি দিনে দিনে বৃদ্ধি পাব, তুমি পৰম প্ৰেমময় ঈশ্বৰৰ সমীপৱৰ্ত্তী হবা, আৰু সকলো এক ঈশ্বৰৰ সন্তান, সকলো তোমাৰ নিজৰ সম্বন্ধীয়া, এই মহান সত্য তোমাৰ মনত প্ৰতিভাত হব৷ সকলোকে সদায় উছাহ বাক্য প্ৰদান কৰিবা, সাহ দিবা, বল দিবা, সহায় কৰিবা৷ এনে কৰিলে দুগুণ উপকাৰ,—নিজৰো, পৰৰো৷ কোনো এনে দুখীয়া নহয়, যে তেওঁ ধনেৰে লোকক সহায় কৰিব নোৱাৰিলে বুলিও, ভাল মাত এষাৰেৰেও যে সহায় কৰিব নোৱাৰিব৷ আপদত ভাল মাত, উছাহৰ

১৮