পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাখৰ।
 

কৰিছা; ফলত তোমাৰ ক্ষমতা বৃদ্ধি প্ৰাপ্ত হৈছে; এই ধাৰণা যে প্ৰকৃত, ই নিশ্চয় তোমাৰ মনলৈ আনন্দ আনিবই আনিব।

আনন্দই মুখ উজ্জ্বল কৰে।
শোকে অন্তৰ ধ্বংস কৰে॥

 আন্দদায়ী কোনো কাৰ্য্যত নিমগন হোৱাঁ, দেখিবা, চাৰিউফালৰপৰা আনন্দৰ সোঁতে তোমাৰ মন বুৰাই পেলাবহি। ৰঙীয়াল মানুহৰ সঙ্গ লোৱাঁ, সঙ্গগুণত তোমাৰ মনো ৰঙীয়াল হব। হাঁহা, খুব হাঁহা, তোমাৰ মনৰ গ্লানি কাটি যাব। হাঁহিতোলা মানুহৰ লগ লোৱাঁ, তেওঁৰ হাঁহিয়ে তোমাৰ মন প্ৰফুল্লিত কৰিব। হাঁহি খোচৰা বস্তু; ৰং হাঁহিৰ কথা কোৱা মানুহৰ ওচৰলৈ অহিলে তোমাৰ মনও তেনে গুণীয়া হব নিশ্চয়। তোমাৰ অন্তৰত আনন্দময়