পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাখৰ।
 

আৰু চিন্তা কৰি থাকিলে সি ফাপি উঠি ক্ৰমাৎ ডাঙৰ হৈ যায়। এইদেখি অদৃষ্টক হাঁহি উৰাই দিয়া ভাল। বাধা বিঘিনিক তুচ্ছ কৰি থোৱাঁ; দেখিবা, সি আপোনাআপুনি খোৰাকৰ অভাৱত মৰি যাব। প্ৰত্যেক দিনত ওলোৱা সুবিধাবোৰ তুমি আনন্দ মনেৰে গ্ৰহণ কৰি তাক কামত লগাই যাবা। তুমি ভাবাঁ,—যে বিপদ জয় কৰি উঠিব পাৰিবা, কাৰণ তোমাৰ ক্ষমতা আছে; আৰু তুমি জয় লাভ কৰিব পাৰিবা, কাৰণ তুমি ইচ্ছা আৰু সংকল্প কৰিছা। “You can, therefore you will. You will, therefore you will, You shall, therefore you realize.” এই ধাৰণাই তোমাৰ মন আনন্দেৰে পৰিপূৰ্ণ কৰিব। তুমি যে জয়ী হবা, এই দৃঢ় বিশ্বাস তুমি মনত পোষণ

১৫