পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাখৰ।
 

আনন্দৰ কথা শুনি থাকোতে তোমাৰ নিৰানন্দক আনন্দই লাহে লাহে জয় কৰি ভিতৰৰ পৰা উলিয়াই খেদি দিব। এইটো নাপাহৰিবা যে, মুখৰ শব্দৰ বৰ ক্ষমতা; সি উচ্চাৰিত হৈ হৈ ইমান শক্তিমন্ত হয় গৈ যে শেহত তোমাৰ চিন্তাৰ ওপৰতো সি প্ৰভাৱ বিস্তাৰ কৰে। শব্দক Empty খালি বুলি বহুতে তাক শূন্য যেন দেখে; কিন্তু সেই শূন্য ব্যোম (Ether), যাৰ স্পন্দনত ব্ৰহ্মাণ্ডৰ শিপা পৰ্য্যন্ত লৰে; যাৰ কম্পনত সৃষ্টি, স্থিতি, লয় ঘটে; মনৰ ভাব সলোৱাটো তো তাৰ এটা ক্ষুদ্ৰ কাম মাথোন। দুখত ব্যথিত নহৈ তাক অগ্ৰাহ্য কৰিবলৈ সেইদেখি জ্ঞানী সাধুসকলে উপদেশ দিয়ে। দুখক, কষ্টক অগ্ৰাহ্য অৱহেলা কৰিলে বাস্তৱিক সি দুৰ্ব্বল হৈ মৃত্যুৰ মুখত পৰে; আৰু তাকে লৈ তাৰে গুণ মহিমা বখানি

১৪