পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাখৰ।
 

সামৰ্থ, তোমাৰ শৰীৰ, তোমাৰ মন, বুদ্ধি, তুমি তোমাৰ নিজৰ প্ৰতিবাসীৰ, দেশৰ, মনুষ্য সমাজৰ উপকাৰৰ অৰ্থে আৰু ঈশ্বৰৰ প্ৰীতিৰ অৰ্থেহে সঞ্চয় কৰিছা; তেনেহলে নিশ্চয় তুমি নিজেও উন্নত হবা আৰু পৰোপকাৰ কৰিব পাৰিবা আৰু তোমাৰ অভীষ্ট সাধনো হব।

চৰিত্ৰ-মন্দিৰৰ ভিতৰত উজ্জ্বল অথচ মিঠা বন্তি হৈছে আনন্দ। আনন্দই শৰীৰ মন আনন্দিত কৰি সুমধুৰ কৰি ৰাখে। কোনো দুখ বিপদৰ বাবে মনলৈ নিৰানন্দ অহাটো স্বাভাৱিক; কিন্তু সেই নিৰানন্দকে মনত পাগি-পুৰি নাথাকিবা; মনত বেজাৰ থাকিলেও মুখেৰে আনন্দ কৰিবা; তেনেকৈ আনন্দৰ কথা কৈ থাকোঁতে আৰু লোকে কোৱা

১৩