পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাখৰ।
 

ভাল অংশ সামৰি লৈ বেয়া অংশ দলিয়াই পেলাব।

পৰ্য্যবেক্ষণতে শেষ নকৰি তাৰ ফল কামত লগাব লাগে। অনেকে অনেক কথা দেখে, জানে আৰু ভাবে; কিন্তু কামত সেইবোৰ লগাব নোৱাৰে বা লগাবলৈ যত্ন নকৰে। এনে মানুহ জান শুনি, শিকি বুজিও অকৰ্ম্মণ্য হয়। তোমাক নিজকে তুমি ভালকৈ চলাবলৈ শিকাঁ, তেহে লোকক চলাব পাৰিবা; নিজক শাসনৰ তললৈ আনিলেহে লোকক তোমাৰ শাসনৰ তললৈ আনিব পাৰিবা। নিজৰ ওপৰত তুমি গৰাকি হবগৈ পাৰিলে, অৰ্থাৎ তোমাৰ স্বভাৱ চৰিত্ৰক তোমাৰ সম্পূৰ্ণ তলতীয়া কৰি লব পাৰিলে, তুমি পৰিবেষ্টিত থকা বাহিৰৰ মনুষ্যসমাজ

১০