পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাখৰ।
 

ফল কি, ইত্যাদি তন্ন-তন্নকৈ চাই জুকিয়াই যাবা। ওপৰে ওপৰে চেলেংপেতেংকৈ চালে নহয়। প্ৰথমতে তোমাৰ এই পৰ্য্যবেক্ষণৰ শক্তি দুৰ্ব্বল থাকিলেও, তাক ব্যৱহাৰ কৰোঁতে কৰোঁতে তাৰ শক্তি মহা প্ৰবল হৈ উঠিব নিশ্চয়; আৰু শেহত সি ইমান তীক্ষ্ণ হব, ইমান প্ৰবল হব, যে তুমি নিজেই আচৰিত মানিবা এইটো কথাত, যে এশজনৰ ভিতৰত নিৰান্নবইজনৰ চকুত নপৰা কথা তোমাৰ চকুত পৰিছে। যি পৰ্য্যবেক্ষণে তোমাৰ মন উন্নত কৰে, তেনে পৰ্য্যবেক্ষণত তোমাৰ শক্তি আৰু সময় সৰহকৈ ব্যয় কৰিবা। পৰ্য্যবেক্ষণ শক্তিয়ে ঘটনা আৰু পদাৰ্থৰ জটিলতাৰ আঁহ ফঁহিয়াই বেলেগ কৰি দি তাৰ আচল প্ৰকৃতি উলিয়াই দিয়ে; আৰু তেতিয়া তোমাৰ বিবেচনা জ্ঞানে সেই বস্তুৰ