পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাখৰ।
 

আৰু অৱস্থাকো লাহে লাহে তোমাৰ তলতীয়া কৰিব পাৰিবা।

 পৰিমিতব্যয় চৰিত্ৰ-মন্দিৰৰ আন এটি লাগতিয়াল সঁজুলি। বিবেচনাৰে সৈতে সময়, শক্তি, পৰিশ্ৰম, বুদ্ধি আৰু অৰ্থৰ সদ্ব্যৱহাৰ কৰাৰ মানেই মিত্যব্যয় বা বিবেকব্যয় (economy)। বিবেকব্যয়ীক বহুতে বুজিব নোৱাৰি কৃপণ বুলি ভাবে, কিন্তু বিবেকব্যয় কৃপণতা নহয়। ঘৰুৱা অসমীয়া কথাত কিৰ্পিণক বান্ধ্‌কানি বোলে। কিন্তু ভৱিষ্যতলৈ চকু ৰাখি অৰ্থৰ নিয়মিত সদ্ব্যৱহাৰ কৰাক বান্ধ্‌কানি নোবোলে। স্বৰূপাৰ্থত মিত্যব্যয়ী মানুহহে প্ৰকৃত উদাৰ আৰু পৰোপকাৰী হব পাৰে। প্ৰায়ে দেখা যায় যে অতিপাতকৈ খৰচ কৰি দাতাকৰ্ণ

১১