পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাখৰ।
 

ৰাখিলা, কিন্তু সি তো খালি নাথাকে, nature abhors a vacuum অৰ্থাৎ প্ৰকৃতিত অৰ্থাৎ সৃষ্টিত কোনো ঠাই খালি থকা নিয়ম নাই; তুমি যদি তোমাৰ মাল-গুদামত বাহিৰৰ বস্তু নুসুমাই তাক খালি কৰি পেলাই থোৱা, তেন্তে ভিতৰত সি ভেকুৰ লাগি পচা গোন্ধ ভাপ আৰু কাঠফুলা জেকনিৰে লাহে লাহে পুৰ হৈ উঠিব; সেইদেখি তাক ভাল, সজ বস্তুৰে পূৰাব লাগিব। সজ চিন্তা, সজ স্বভাৱ, সজ কাৰ্য্যৰ সমল প্ৰস্তুত কৰি সেই বাবে তোমাৰ চৰিত্ৰ মন্দিৰৰ ভিতৰখন পূৰাই থবা।

 পৰ্য্যবেক্ষণ (Observation) চৰিত্ৰ-মন্দিৰৰ গাথনিৰ গুৰিডোখৰৰ ইটা। তোমাৰ চাৰিউফালে দিনৌ কি ঘটিছে, তাৰ গঢ় গতি কেনে, স্বভাৱ কি