পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাখৰ।
 

উপাৰ্জ্জন কৰিব পৰা ক্ষমতা লাভ কৰে, আৰু নিজক সততে বিপদৰ পৰা মুক্ত আৰু ৰক্ষা কৰি তেওঁ কৰ্ত্তব্য-কাৰ্য্য সম্পাদন কৰিব পৰা হয়। ব্যায়াম, বিশুদ্ধ বায়ু, বিশুদ্ধ আহাৰে শৰীৰলৈ এই ক্ষমতা আনে আৰু ওখ চিন্তা, পৰোপকাৰ চিন্তা, ঈশ্বৰচিন্তা, জীৱৰ প্ৰতি দয়া প্ৰেম আৰু ঈশ্বৰৰ প্ৰতি একান্ত ভক্তিয়ে মনলৈ এই ক্ষমতা আনে।

প্ৰতিৰোধ শক্তি যেনেকৈ বাহিৰৰ আততায়ীৰ পৰা চৰিত্ৰ-মন্দিৰ ৰক্ষাৰ নিমিত্তে আৱশ্যকীয়, ভিতৰৰ মন্দিৰত সেই দৰে প্ৰাণ প্ৰতিষ্ঠা কৰি তাক সজীৱ সবল কৰি ৰাখিবলৈ constructiveness নিৰ্ম্মাণ বা গঠনশক্তি আৱশ্যক। বাহিৰৰ বিপৰীত ধৰ্ম্মাৱলম্বী পদাৰ্থ ভিতৰলৈ সোমাব নিদিয়াকৈ জানিবা ভিতৰখন