সম্পাদকৰ চৰা।
আত্মকথা। আদি বাঁহীয়ে দ্বিতীয় বছৰৰ পদূলি-মূৰত ভৰি দি যি ৰং পাইছে সেই ৰঙত বাঁহীৰ গ্ৰাহক আৰু ভাল চিন্তোতাসকলৰো নিশ্চয় ভাগ আছে। অকলৈ পোৱা ৰং যোল-কলাৰে পৰিপূৰ্ণ ৰং নহয়; বন্ধু বান্ধৱেৰে সৈতে লগেভাগে সন্তোগ কৰিবলৈ পোৱা ৰং হে সম্পূৰ্ণ ৰং। এনে ৰং আজি বাঁহীৰ ভাগ্যত। সেইদেখি বাঁহীয়ে আজি তেওঁলোকৰ আৰ্শীব্বাদৰ আঁজলি মূৰত লৈ আৰু ঈশ্বৰৰ দুখানি চৰণৰ ওচৰত আঠু লৈ, বুকুত ন বলৰ সমল বান্ধি,ন উছাহেৰে দুৰ্গম কৰ্তব্যৰ বাটত খোজ লবলৈ সাজু হল।
কোনে জানে যোৱা বছৰত আমাৰ কিমান ক্ৰটী হৈছে, কিমান দোষ আমি কৰিছো। কৰ্তব্য পালিবলৈ গৈ নাজানি নুশুনি কিজানি আমি কত লোকৰ মনত কত কষ্ট দিছোঁ! আশা কৰো যেন তেওঁলোকে আমাৰ সেই ক্ৰটী মাৰ্জনা কৰিব, দোষ মৰষিব, আৰু সেইবাবে নিজৰ মনত কুৰ্চ্চত-কপট নাৰাখি আগলৈ আমি যাতে আমাৰ জন্মভূমিৰ সেৱা সুকলমে কৰিব পাৰোঁ তাত যেন আমাক সহায়তা কৰিব।
আমি এবছৰ বাঁহী চলাই অনেক অভিজ্ঞতা লাভ কৰিলোঁ। সেই সমন্ধে এটাইবোৰ কথা কোৱা নচলে। মাথোন এই খিনিতে লাহেকৈ দুটা কি এটা কথা কওঁ। প্ৰথমতে কওঁ যে, নিয়মমতে চলালে আজকালি আসামত অসমীয়া মাহেকীয়া কাকত চলে। ২২ বছৰ আগেয়ে (১৮১০ শক, মাঘ) যেতিয়া আমাৰ পৰম প্ৰিয় বন্ধু শ্ৰীযুক্ত চন্দ্ৰকুমাৰ আগৰৱালাই আমাৰে সৈতে গোট খাই প্ৰথমতে “জোনাকী” মাহেকীয়া কাকত উলিয়ায় তেতিয়া তেওঁ “আত্মকথাত“ লেখিছিল,-“কোনোএ বা আমাৰ নিৰ্বুদ্ধিতাৰ সাহ দেখি হাঁহিব— সন্দেহ নাই। আমি যে এই বিপদসাগৰত ভূৰ বান্ধি ল'ৰাৰ দৰে পাৰ হ’বলৈ ওলাইছোঁ তাক আমি জানো। অসমত কাকতৰ গতি কচুপাতত পানি-টুপিৰ দৰে।”—সেই কালত বাস্তবিকতে